ভূৰাগাঁও আৰক্ষী থানাৰ কমিনিউটি হলত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ নেতৃত্বত এখনি সাংবাদিকৰ লগত মত বিনিময় অনুষ্ঠান হয়। এই মত বিনিময় অনুষ্টানত উপস্থিত থাকে চক্র আৰক্ষী বিষয়া বিনয় কুমাৰ বৰ্মন, ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নব কুমাৰ শইকীয়া, লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়ো, , বৰছলা আৰক্ষী চকীৰ I/C ঝতুৰাজ বৰা। মত বিনিময় অনুষ্ঠানত লাহৰীঘাট প্ৰেছ ক্লাৱৰ জেষ্ঠ সাংবাদিক প্ৰনৱ গোস্বামী, আবুল কালাম, সাংবাদিক খাইৰুল ইছলাম, আমিৰুল ইছলাম, ৱাছিম হুছেইনেও বক্তব্য ৰাখে। আনফালে আৰক্ষী অধীক্ষক মহোদয়াইয়ো সকলোৱে সু সম্পৰ্ক বজাই ৰাখি সমাজৰ পৰা অপৰাধ মুক্ত কৰিব লাগিব। এই অনুষ্ঠানতেই লাহৰীঘাট প্ৰেছ ক্লাৱৰ তৰফৰ পৰা আৰক্ষী অধীক্ষক মহোদয়াক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।


