Breaking

ডিমৌৰ সেচ্ছাসেৱী সংস্থা পথিকৃতৰ শিক্ষাগুৰুসকলৰ সৈতে মত বিনিময়

0 2,046

ডিমৌৰ আগশাৰীৰ সেচ্ছাসেৱী অনুষ্ঠান পথিকৃতে দিচাং ৰজাবাৰীস্থিত কাৰ্যালয়ত শিক্ষাগুৰুসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। স্বাস্থ্য ৰক্ষা , মানসিক ৰোগীৰ চিকিৎসা, জনসেৱা, শিশু কল্যাণ, ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, বৌদ্ধিক বিকাশ আদি দিশত কাম কৰি অহা ২০১৭ চনত জন্মলাভ কৰা অগ্ৰণী বেচৰকাৰী সংস্থাটোৱে ৬ অক্টোবৰৰ দিনা ৰজাবাৰী, থাওৰা, পালেঙী, চৰগুৱা আদি অঞ্চলৰ ১২ খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক আমন্ত্ৰণ জনাই শিশু আৰু প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক দীৰ্ঘকালীন লক ডাউনৰ সময়ৰ ক্ষতি পূৰণ আৰু পুণৰ বিদ্যালয়মুখী কৰি শিক্ষাগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে ঐক্যবদ্ধভাৱে কাম কৰাৰ ওপৰত মত বিনিময় কৰে। বিগত লক ডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ পথিকৃতৰ সেচ্ছাসেৱকসকলে ৱৰ্কচিট বিতৰণ কৰাৰ উপৰি কালত লবলগীয়া পদক্ষেপ সম্পৰ্কত অভিভাৱকসকলৰ মাজত গোহাৰি বিতৰণ কৰি সজাগতা সৃষ্টি কৰে। ইয়াৰোপৰি, বিদ্যালয়লৈ ছাত্ৰীসকলক মাতি আনি পথিকৃতে শিক্ষাদান কৰি আহিছে। শিক্ষক গোলোক চন্দ্ৰ গগৈৰ সভাপতিত্বত পথিকৃতৰ প্ৰশাসক ৰূপজ্যোতি বুঢ়াগোহাঁইয়ে আঁত ধৰা মত বিনিময় অনুষ্ঠানত ডিমৌ প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ থঢ়ওৰা আৰু পালেঙীৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক শেখৰজ্যোতি দুৱৰী আৰু ৰাজীৱ বৰঠাকুৰ, অঞ্চলটোৰ ১২ খন বিদ্যালয়ৰ শিক্ষাগুৰুসকল ক্ৰমে সুৰেন্দ্ৰনাথ মহন, ৰফিকুদ্দিন আহমেদ,পৰেশ গিৰি, ত্ৰৈলোক্য ফুকন, আনন্দ মিলি, নগেন চেতিয়া, হুচেইন আলি, মৈতেন্দ্ৰ চেতিয়া, অঞ্জনা ৰবি, জুনু দেৱী গগৈ, প্ৰভা চেতিয়া, বেবিনা বেগম, সবিতা গগৈ, সাংবাদিক যদুমণি বৰা, উমেশ চেতিয়া আদি উপস্থিত থাকে। পথিকৃতৰ প্ৰতিষ্ঠাপক সম্পাদক তথা কাৰ্যবাহী সঞ্চালক নিয়ৰ গগৈয়ে শুভাৰম্ভ কৰা মত বিনিময় অনুষ্ঠানত শিক্ষাগুৰুসকলক ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উৎকৰ্ষ সাধন তথা বৌদ্ধিক বিকাশৰ বাবে অনাগত দিনতো পথিকৃতে গ্ৰহণ কৰিবলগীয়া পদক্ষেপত শিক্ষাগুৰুসকলৰ পূৰ্ণ সহযোগ কামনা কৰে। উপস্থিত অভ্যাগতসকলে পথিকৃতে নতুন প্ৰজন্মৰ কল্যাণৰ বাবে পথিকৃতে গ্ৰহণ কৰি অহা প্ৰশংসনীয়, সময়োপযোগী পদক্ষেপৰ শলাগ লয় আৰু পূৰ্ণ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে। পথিকৃতৰ কৰ্মকতা ৰেচমা বেগম, মাধূ্য গগৈ, আফচানা আজিন,বিশ্বজিত গগৈ, বিনোদ কুমাৰ, মনোস্মিতা মজুমদাৰ আদিয়ে অনুষ্ঠানত উপস্থিত অতিথিসকলক এটি গছপুলি, কলম, অক্সিমিটাৰ, থাৰ্মোমিটাৰ চেনিটাইজাৰ আদি আগবঢ়াই সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

Leave A Reply