Breaking

সোনোৱাল কছাৰী সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ বাবে কাৰ্যনিৰ্বাহক সভা

0 1,341

2020 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া সোনোৱাল কছাৰী সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি কভিডমূলক পৰিস্থিতিৰ বাবে পিছুৱাব লগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অধিৱেশনৰ নতুন দিন নিৰ্ধাৰণৰ বাবে সোনোৱাল কছাৰী সাহিত্য সভাৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আজি ইং 18/09/2021 তাৰিখে কছাৰীবাৰীস্থিত সোনোৱাল ভৱনত অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে সোনোৱাল কছাৰী জনগোষ্ঠীৰ ঈশ্বৰ খ্ৰীংৰাজাৰ শ্ৰীচৰণত আৰু বিগত সময়ত অয়লাসগত হোৱা সভাৰ সদস্যবৃন্দৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰে কাৰ্যনিৰ্বাহক সদস্যা কুসুম সোনোৱাল শইকীয়া, নিৰ্মলা সোনোৱাল আৰু অনিমা বড়া সোনোৱালে। সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি গুণেশ্বৰ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপসভাপতি মোহন সোনোৱাল, মুখ্য সম্পাদক শিৱনাথ সোনোৱাল, সম্পাদকত্ৰয় প্ৰশান্ত কুমৰাল, সুমন্ত বড়া আৰু মৃদুল সোনোৱাল, কোষাধ্যক্ষ অহিন্দ্ৰ শইকীয়া, পত্ৰিকা সম্পাদক দিগন্ত হাজৰিকাসহ সভাৰ কাৰ্যনিৰ্বাহক সদস্যসকলৰ মতামতৰ ভিত্তিত অহা নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত পূৰ্ণাংগ অধিৱেশনখনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু বিতং কাৰ্যসূচী নিৰ্ধাৰণৰ বাবে অহা ২ অক্টোবৰ তাৰিখে অভ্যৰ্থনা সমিতিৰ লগত এখনি যুটীয়া বৈঠকৰ আহ্বান কৰা হয়। তদুপৰি পূৰ্বৰ কাৰ্যালয় সম্পাদক জিতেন সোনোৱাল অয়লাসগামী হোৱাৰ বাবে এই সভাতে তোষেশ্বৰ সোনোৱালক সোনোৱাল কছাৰী সাহিত্য সভাৰ কাৰ্যালয় সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয়।

Leave A Reply