সদৌ অসম গোৰ্খা ছাত্র সন্থা(আগছু), ওদালগুৰি জিলা সমিতিৰ এক বৰ্ধিত কাৰ্য্যকৰী সভা যোৱা ২৫ অক্টোবৰত জিলা সমিতিৰ মুখ্য কাৰ্য্যলয়ত জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰৰ অধ্যক্ষতাত সম্পন্ন হয়। ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়াই পৰিচালনা কৰা সভাত আগ্ছু ওদালগুৰি জিলা সমিতিৰ সম্পূৰ্ণ কাৰ্য্যকৰী সদস্য উপস্থিত থকাৰ লগতে জিলা সমিতিৰ অন্তৰ্গত থকা বাৰটা আঞ্চলিক সমিতিৰ সম্পূৰ্ণ সভাপতি, সম্পাদক সকল উপস্থিত থকা উক্ত বৰ্ধিত কাৰ্য্যকৰী সভাত ভালেমান প্ৰস্তাৱ গৃহীত কৰা হয়। তাৰে ভিতৰত এক নম্বৰ প্ৰস্তাৱত উল্লেখ হয় যে আগছু ওদালগুৰি জিলা সমিতিৰ স্বয়ংসেৱক প্ৰমুখ ৰোশন কাৰ্কীয়ে জিলা সমিতিক নজনোৱাকৈ অথৱা আগছুৰ পদৰপৰা অব্যাহতি নোলোৱাকৈ কোনো এটা ৰাজনৈতিক দলৰ সদস্য পদ গ্ৰহন কৰাত জিলা সমিতিয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ৰোশন কাৰ্কিক আগ্ছুৰ সদস্য পদৰপৰা বহিস্কাৰ কৰাৰ লগতে জিলা সমিতিৰ ক্ৰীড়া সচিৱ বিবেক থাপা মগৰ আৰু কাৰ্য্যলয় সচিব তিলক ছেত্ৰীক তেওঁলোকৰ কৰ্তব্য পৰায়নতাৰ গাফিলতিত আগ্ ছু ওদালগুৰি জিলা সমিতিৰ পদৰ লগতে সদস্য পদৰ পৰাও বহিস্কাৰ কৰা হয়। উক্ত সভাতেই আগছু ওদালগুৰি জিলা সমিতিৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন অহা ডিচেম্বৰ মাহৰ ১৮ আৰু ১৯ তাৰিখে ভাৰত-ভূটান সীমান্তৰ বামুনজুলিত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত অধিবেশন সফল কৰি তুলিবলৈ ওদালগুৰিবাসী ৰাইজৰ সহায়-সহযোগিতাৰ কামনা কৰিছে আগছু ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰ আৰু সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়াই। অহা দুই-এদিনৰ ভিতৰতে বামুনজুলিত জিলা সমিতিৰ আয়োজনাত অভ্যৰ্থনা সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উক্ত বৰ্ধিত কাৰ্য্যকৰী সভাত জিলা সমিতিৰ সম্পূৰ্ণ বিষয়ববীয়াৰ লগতে আঞ্চলিক সমিতিৰ সম্পূৰ্ণ সভাপতি তথা সাধাৰণ সম্পাদকৰ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ মুখপত্ৰ সম্পাদক ত্ৰিদেৱ বিষ্ট, আগছু বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ উপ সভাপতি ৰোহিতকুমাৰ দাহাল, সহ সম্পাদক পুৰ্ণ বিষ্ট আদিও উপস্থিত থাকে।


