Breaking

গুৱাহাটীত অসম বাৰ্তাজীৱি সংঘৰ কাৰ্যনিৰ্বাহক সভা…

0 36

ৰাজ্যখনৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ ন্যায্য প্ৰাপ্তিৰ হকে জন্মলগ্নৰে পৰা মাত মাতি অহা অসম বাৰ্তাজীৱি সংঘৰ ২০২৪-২৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সভাৰ প্ৰথমখন বৈঠক আজি অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ড° মহেন্দ্ৰ নাথ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সংঘৰ সভাপতি মধুসূদন মেধিৰ সভাপতিত্ব অনুষ্ঠিত সভাত সম্পাদক মুকুট ৰাজ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰি সংঘৰ ভৱিষ্যৎ কাৰ্যপন্থা আৰু সাংগঠনিক দিশ সন্দৰ্ভত আলোকপাত কৰে। অসমীয়া প্ৰতিদিনৰ উপ-সম্পাদক তথা সংঘৰ উপ-সভাপতি অঞ্জন কুমাৰ শৰ্মাই সংঘৰ ভৱিষ্যৎ কাৰ্যসূচী সন্দৰ্ভত বক্তব্য প্ৰদান কৰি ৰাজ্যখনৰ সাংবাদিকসকলৰ অন্যতম আৰু প্ৰধান সংগঠন অসম বাৰ্তাজীৱি সংঘই সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ সৰ্বাংগীন উন্নয়নৰ হকে যথেষ্ট কৰণীয় আছে বুলি কয়। এইক্ষেত্ৰত নতুন সমিতিখনে ইতিবাচক চিন্তাৰে সেৱা আগবঢ়োৱাৰ আহ্বান জনাই তেওঁ কয় যে ৰাজ্যৰ একমাত্ৰ গণতান্ত্ৰিক সাংবাদিক সংগঠন অসম বাৰ্তাজীৱি সংঘকলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলে আশা কৰা ধৰনে সংগঠনটো আগবঢ়াই নিয়াত সকলোৰে আশাসুধীয়া প্ৰচেষ্টাৰ প্ৰয়োজন বুলি কয়। সংঘৰ সাংগঠনিক সম্পাদক বশিষ্ঠ দেৱ ফুকন,কাৰ্যালয় সম্পাদক হেমন্ত বৰ্মন, কোষাধ্যক্ষ নৱনিতা কলিতা, প্ৰচাৰ সম্পাদক অখিল কলিতা,কাৰ্যনিৰ্বাহ সদস্য যতীন ভাগৱতী, ভাস্কৰ শৰ্মা,সোণাধৰ ডেকা,তৰণী চৰণ কলিতা,ভূৱন চেতিয়া,প্ৰশান্ত মোদক আৰু প্ৰদীপ বৰ্মনে নিজৰ ভাষণ প্ৰসংগত অসম বাৰ্তাজীৱি সংঘই আগন্তুক দুবছৰীয়া কাৰ্যকালত দায়বদ্ধতাৰে সমাজৰ উন্নতিৰ সমান্তৰালভাৱে ৰাজ্যখনৰ সাংবাদিকসকলৰ ন্যায্য প্ৰাপ্তিৰ হকে মাত মাতি যোৱাৰ কথা সদৰি কৰে। সভাই ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখ্য যে অসম বাৰ্তাজীৱি সংঘৰ পঞ্চাশ বছৰ পুৰ্তি উপলক্ষে বৰ্ষাজোৰা সোণালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি নগাঁও জিলা বাৰ্তাজীৱি সংঘৰ সৌজন্যত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাৰ আন এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ মৰ্মে অসম চৰকাৰে এইবেলি বন্ধ কৰি ৰখা সাংবাদিক পেঞ্চন শীঘ্ৰে প্ৰদান কৰাৰ দাবী জনায়।

আনহাতে ভাৰতীয় বাৰ্তাজীৱি মহা সংঘৰ সম্পাদক প্ৰধান পৰমানন্দ পাণ্ডেই প্ৰেৰণ কৰা প‌ত্ৰ সন্দৰ্ভত সভাই বিষদ ভাৱে আলোচনা কৰি সংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য হিচাপে অসমীয়া প্ৰতিদিনৰ সহকাৰী সম্পাদক ফণীধৰ দাস, অসমীয়া খৱৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক আচিকুৰ ৰহমান, তিনিচুকীয়া জিলাৰ সম্পাদক ৰাণা জ্যোতি নেওগ, নগাঁও জিলাৰ সম্পাদক ভাস্কৰ জ্যোতি মেধি, কাছাৰ জিলাৰ জ্যেষ্ঠ সাংবাদিক ৰাহুল চক্ৰবৰ্তীক মনোনীত কৰে। তদুপৰি অসম বাৰ্তাজীৱি সংঘৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাত সুবিধা হোৱাকৈ ৰাজ্যখনক চাৰিটা মণ্ডলত বিভক্ত কৰি ক্ৰমে ভাস্কৰ সভা পণ্ডিতক উপ- সভাপতি আৰু জগত বৰাক সম্পাদক হিচাপে লৈ উত্তৰ পূব মণ্ডল, প্ৰকাশ ডেকাক উপ-সভাপতি আৰু চৈয়দ ৰবিউল হকক সম্পাদক হিচাপে লৈ উত্তৰ পশ্চিম মণ্ডল, অঞ্জন বৰাক উপ-সভাপতি আৰু অমৰজ্যোতি আৰন্ধৰাক সম্পাদক হিচাপে লৈ দক্ষিণ পূব মণ্ডল আৰু অভিজিৎ ভট্টাচাৰ্যক উপ- সভাপতি আৰু অচিম দেবক সম্পাদক হিচাপে লৈ দক্ষিণ পশ্চিম মণ্ডল গঠন কৰা হয়। ইয়াৰোপৰি সংঘৰ প্ৰতিগৰাকী সদস্যক পৰিচয় পত্ৰ প্ৰদান কৰা, সংঘৰ আইন কোষ গঠন কৰা আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।

Leave A Reply