বকোৰ গামেৰীমুৰাত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন।

সুদীৰ্ঘ দিন ধৰি অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলে অনুসুচীত জনজাতিৰ মৰ্য্যদা লাভ কৰা আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ কৰাৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখি আহিছে। এই ক্ষেত্ৰত সংকতাপূৰ্ণ অৱস্থাৰ পৰা জাতিক ৰক্ষা কৰিবলৈ কোচ ৰাজবংশী জাতীয় সংগঠনৰ অন্যতম ভাতৃ সংগঠন কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত জাতীয় সংগ্ৰাম অব্যাহত আছে। উল্লেখ্য যে ; সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কামৰূপ জিলাৰ গুৱাহাটী জিলা সমিতিৰ অন্তৰ্গত বকো আঞ্চলিক সমিতিৰ এখন বিশেষ কাৰ্য্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি বিষ্ণু ৰাম দাসৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভা খনৰ আত ধৰে সম্পাদক বিপুল তালুকদাৰে। কোচ ৰাজবংশী জনবসতি অঞ্চল গামেৰীমুৰাৰ জাকুৱাপাৰা প্ৰাথমিক গোটৰ আমন্ত্ৰণক্ৰমে আয়োজন কৰা সভা খন অনুষ্ঠিত হয় জাকুৱাপাৰা – কাউলীপাৰা – কোচপাৰা পুথিভঁৰালৰ সভাকক্ষত। সভাত গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক দীপক কুমাৰ ৰয় ; পংকজ বীৰ দাস ; পুথিভঁৰাল পৰিচালনা সমিতিৰ সভাপতি মলিন দাস আৰু সম্পাদক ৰাজকুমাৰ দাস ; যুৱ ছাত্ৰ সন্মিলনীৰ গাওঁ শাখা সমিতিৰ সভাপতি বীৰেণ দাস ; সম্পাদক সত্যজিৎ দাস ; যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মিলন কুমাৰ দাস ; উপদেষ্টা নগেন দাস ; কাৰ্য্যকৰী সভাপতি ব্ৰজেন দাস ; উপ সভাপতি অনাদী পাটোৱাৰী ; অশ্বিনী লহকৰ আৰু দ্বীপেন দাসৰ উপৰিও মহিলা সন্মিলনীৰ বকো আঞ্চলিক সমিতিৰ সভানেত্ৰী ৰীণা ডেকা আৰু সম্পাদিকা মঞ্জুলা দাসে অংশগ্ৰহণ কৰে। সভাত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে আৰু অসম চৰকাৰক অতিশীঘ্ৰে জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ আহ্বান জনায়। আনহাতে আজিৰ সভাৰ জৰিয়তে যদি চৰকাৰে কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান নকৰে তেন্তে অনাগত দিনত কোচ ৰাজবংশী জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পদ আৰু পদবী এৰি দিব লাগে বুলি কোচ ৰাজবংশী জনতাক আহ্বান জনায় সভাপতি বিষ্ণু ৰাম দাসে। ইফালে সভাত ভাষণ প্ৰসংগত সংগঠনটোৰ সম্পাদক বিপুল তালুকদাৰে কোচ ৰাজবংশী সকলৰ জনজাতিৰ মৰ্য্যদা জন্মস্বত্ব অধিকাৰ। গতিকে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে কোচ ৰাজবংশী সকলক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিব লাগে। আজিৰ সভাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক কোচ ৰাজবংশী সকলক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায় আৰু জনজাতিৰ স্বীকৃতি দিবলৈ আহ্বান জনায়।

Related Articles