বিজেপিৰ নলবাৰী জিলা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন যোৱা ৮আগষ্টৰ সন্ধিয়া চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। যুৱ মৰ্চাৰ জিলা সভাপতি হেমন্ত বৰ্মনৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক কপিলদেৱ তালুকদাৰ,ডাঃ অৰুণাভ কলিতাই আতঁ ধৰা সভাত বিধায়ক জয়ন্ত মল্ল বৰুৱা,ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা,নলবাৰী উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা,জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,জিলা পৰিষদৰ সদস্য পংকজ ডেকা,জিলা যুৱ মৰ্চাৰ প্ৰভাৰী হিৰণ্য কলিতা,অসংগঠিত শ্ৰমিক কোষৰ ৰাজ্যিক সহ আহ্বায়ক ত্রিনয়ন বৰ্মন,কাৰ্যনিৰ্বাহক জোন কুমাৰ বৰ্মন,ৰাজীৱ ডেকা,জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা, মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য বৰ্মন৷ জিলা বিজেপিৰ সম্পাদক নন্দলাল সৰকাৰ, অঞ্জন ডেকা, যুৱ মৰ্চাৰ উপ সভাপতি ৰিদিপ দত্ত,গৌতম কাকতি,সম্পাদক কৰিশ্মা অধিকাৰী,দিপাংকৰ তালুকদাৰ,ধ্ৰুৱ শৰ্মা,আই টি চেলৰ আহ্বায়ক কিশোৰ দাস,কাৰ্যালয় সম্পাদক অসীম ৰাজবংশী সহ আঠ মন্ডলৰ সভাপতি,সম্পাদক সকল উপস্হিত থাকে।সভাত ভাষণ ৰাখি নলবাৰী যুৱ মৰ্চাৰ প্ৰভাৰী হিৰণ্য কলিতাই কয় – আন দলৰ যুৱ সংগঠনৰ দৰে বিজেপিৰ যুৱ মৰ্চা নহয়।দেশ,জাতিৰ বাবেহে বুলি কয় ৷তেওঁ লগতে কয় সাংগঠনিক ভেটি মজবুত কৰিব লাগিলে যুৱক সমাজৰ খা খবৰ ৰাখিব লাগিব। অসহায়জনক সহায় কৰাত আগভাগ লব লাগিব। সভাত বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে এখন দেশ,সমাজ গঢ়াত যুৱচামৰ ভূমিকা অনন্য।ভাৰতবৰ্ষৰ জনসংখ্যাৰ দিশৰ পৰা এখন যুৱপ্ৰধান দেশ আৰু ই হল আমাৰ দেশৰ এক অন্যতম শক্তি।গতিকে যুৱ সমাজক আগবঢ়াই নিয়াত বিজেপিৰ যুৱ মৰ্চাৰ গুৰুত্ব ভূমিকা আছে বুলি দোহাৰে।

