Breaking

কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী

0 16

যোৱা ১৬ মে’ তাৰিখে কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱসৰ লগত সংগতি ৰাখি এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। ইণ্ডিয়ান নেশ্বনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH)ৰ ৪০ সংখ্যক বৰ্ষপূতি উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগে আয়োজন কৰা প্ৰদৰ্শনীখনত মানৱ জাতিৰ ক্ৰমবিকাশ আৰু জীৱন ধাৰণ প্ৰণালীকে আদি কৰি প্ৰস্তৰ যুগত ব্যৱহৃত সা সজুলি, অস্ত্ৰ শস্ত্ৰ, পোৰামাটিৰ ভাস্কৰ্য, হৰপ্পা সভ্যতাৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰে।

প্ৰত্নতত্ত্ব বিভাগৰ ছাত্ৰছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা মৃৎশিল্প সমূহ এই প্ৰদৰ্শনীখনৰ অন্য এক মুখ্য আকৰ্ষণ। কটন বিশ্ববিদ্যালয়ৰ প্ৰতি উপাচাৰ্য প্ৰফেচৰ গণেশ চন্দ্ৰ ৱাৰি আৰু পঞ্জীয়ক ডঃ অৰিন্দম গাৰ্গে উদ্বোধন কৰা প্ৰদৰ্শনীখনত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ডঃ বেদান্ত বৰা, প্ৰফেচৰ শীলা বৰা, ডঃ জোনালী দেৱী, ডঃ সংগীতা গগৈ, ডঃ ফুকন চন্দ্ৰ বসুমতাৰী, ডঃ পূৰৱী ডেকা বোস, ডঃ সম্ৰাট বৰা আদিৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী।

কিউৰেটৰ ডঃ মঞ্জিল হাজৰিকা, ডঃ ৰিতিকা চাহু আৰু জৌগাঠি বসুমতাৰীৰ তত্বাৱধানত প্ৰস্তুত কৰি উলিওৱা আৰু প্ৰত্নতত্ত্বৰ ব্যাৱহাৰিক জ্ঞানৰ লগতে জনসাধাৰণৰ মাজত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এইবোৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা প্ৰদৰ্শনীখনত প্ৰস্তৰ যুগৰ সা সঁজুলিৰ লগতে হৰপ্পা সভ্যতাৰ বিভিন্ন ভাস্কৰ্য আৰু প্ৰতিমূৰ্তি প্ৰদৰ্শন কৰা হয়। লগতে INTACH য়ে তেওঁলোকৰ ৪০ বছৰীয়া যাত্ৰাকালত ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা কাৰ্য্যসূচীসমূহৰ বিষয়ে উপস্থাপন কৰে।

কটন বিশ্ববিদ্যালয়, ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটি, পুঠিমাৰি মহাবিদ্যালয়, এছ্. বি. দেওৰা মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, বাইহাটা চাৰিআলি বি. এড কলেজ, সুদৰ্শন স্কুল, সৰলা বিৰলা জ্ঞানজ্যোতি স্কুল, কটন কলেজিয়েট স্কুল আদি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ৩০০ ৰো অধিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে এই প্ৰদৰ্শনীখনত যোগদান কৰে। আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষত আয়োজন কৰা এই প্ৰদৰ্শনীখন ১৮ মে’ শনিবাৰলৈ চলি থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

Leave A Reply