পাঞ্জাবী শিল্পী দিলজিৎ দোসাঞ্জে(Expensive Coffee) বিশ্বৰ অন্যতম দামী কফি খোৱাৰ অভিজ্ঞতা তেওঁৰ অনুৰাগীৰ সৈতে ভাগ-বতৰা কৰিছে। সেই বিশেষ কফিটো য’তে ত’তে পোৱা নাযাব।
কফি বহুতে ভাল পায়। কিন্তু একাপ কফিৰ দাম কিমান হ’ব পাৰে? পাঞ্জাবী গায়ক দিলজিৎ দোসাঞ্জে লণ্ডনত নিজৰ কফি অভিজ্ঞতা শ্বেয়াৰ কৰি অনুৰাগীক আচৰিত কৰি তুলিছে।(diljit dosanjh)
লণ্ডনৰ আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ব্ৰেণ্ড ‘লুই ভিটন’ৰ ষ্ট’ৰত দিলজিতে তাত কফিৰ সোৱাদ লৈছিল। কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে সেই দামী কফি খোৱাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি অভিজ্ঞতা ভাগ-বতৰা কৰিছে।
দিলজিতে যি কফি খাইছিল সেই কফি কাপৰ নাম ‘জাপান টিপিকা নেচাৰেল’। মেনু কাৰ্ডত ইয়াৰ মূল্য ২৬৫ পাউণ্ড। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ইয়াৰ দাম প্ৰায় ৩১ হাজাৰ টকা! জাপানৰ অকিনাৱাৰ এখন ব্যক্তিগত বাগিচাত কফি খেতি কৰা হয়। তেওঁলোকে নিজৰ কফিৰ বীন বিশ্বৰ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্টলৈ ৰপ্তানি কৰে। সোৱাদ আৰু সুগন্ধিৰ ক্ষেত্ৰত ই বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ বুলি দাবী কৰিছে কোম্পানীটোৱে। এই কফিটো পৰিবেশনৰ আগতে বনাবলৈও এক বিশেষ পদ্ধতি আছে। দিলজিতক সোণালী ধাতুৰৰ গিলাচত কফিখিনি পৰিবেশন কৰিবলৈ দিলে।
এই ধৰণৰ কফি খোৱাটো জীৱনৰ এক স্মৰণীয় স্মৃতি হৈ থাকিব পাৰে। কিন্তু পৃথিৱীৰ অন্যতম দামী কফিয়ে দিলজিতৰ হৃদয় জয় কৰাত ব্যৰ্থ হ’ল। কফিৰ কাপত চুমুক দি দিলজিতে সহজভাৱে ক’লে, ” বেলেগ অনুভৱ হয় নেকি? যথেষ্ট পাতল।” একে সময়তে দিলজিতে ধেমালিতে এই কফিৰ দামক লৈ মন্তব্য কৰিলে। শিল্পীজনে ক’লে, “এতিয়া মই এই কফিটোহে খাম। কাৰণ প্ৰতি চুমুকৰ দাম ৭ হাজাৰ টকা!”