Breaking

চিচিবৰগাঁৱত জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ বৰ্দ্ধিত কার্যনির্বাহ সভা ,অভিনন্দন আৰু আলাপ অনুষ্ঠান…

0 38

চিচিবৰগাঁৱত জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ বৰ্দ্ধিত কার্যনির্বাহ সভা, অভিনন্দন আৰু আলাপ অনুষ্ঠান।

“এসময়ত উজনি অসমৰ সৌমাৰপীঠত শৌৰ্য্য বীৰ্যৰে শাসন কৰা ঐতিহ্যপূর্ণ চুতীয়া জনগোষ্ঠীক অসমৰ প্ৰতিখন চৰকাৰে যিমান গুৰুত্ব প্রদান কৰিব লাগিছিল কার্যতঃ তেনে হোৱা নাই। জনজাতিকৰণ আৰু স্বায়ত্ব শাসন চুতীয়াসকলৰ ন্যার্যপ্রাপ্তি। যিকোনো বিনিময়ত এই অধিকাৰ পাবই লাগিব; আৰু তাৰ বাবে এতিয়া অসমৰ চুতীয়াসকলে একত্রিত হৈ গণসংগ্রামত নামিব লাগিব। চুতীসকল অধিকাৰৰ বাবে গণ সংগ্ৰামৰ বাদে বিকল্প ব্যৱস্থা নাই।” অলপতে চিচিবৰগাঁৱত অনুষ্ঠিত হোৱা সদৌ চুতীয়া জাতি সন্মিলনৰ জোনাই জিলা সমিতিৰ এখন গুৰুত্বপূর্ণ বৰ্দ্ধিত কার্যনির্বাহ সভা, অভিনন্দন আৰু আলাপ অনুষ্ঠানত এইদৰে মন্তব্য কৰে সদৌ চুতীয়া জাতি সন্মিলন সাধাৰণ সম্পাদক নৃপেন শইকীয়াই।

জোনাই জিলা চুতীয়া জাতি সম্মিলন উদ্যোগত আৰু চিচিবৰগাঁও আঞ্চলিকৰ আতিথ্যত চিচিবৰগাঁও ৰাজহুৱা পেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভাখনিত শতাধিক লোকৰ উপস্থিতিত জোনাই জিলা চুতীয়া জাতি সম্মিলন সভাপতি ৰঞ্জিত শইকীয়াই সভাপতিত্ব কৰে। সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক বিশ্ব বৰাই। সভাখনিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি গোবিন চুতীয়া, সাধাৰণ সম্পাদক ক্ৰমে নৃপেন শইকীয়া আৰু দেৱজিৎ শইকীয়া, সম্পাদক কুবেৰ কাথ বৰা, চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তুভ কিশোৰ চুতীয়া, চুতীয়া জাতি সন্মিলনৰ প্রাক্তন সম্পাদক প্রদীপ চুতীয়া, চুতীয়া জাতীয় গৱেষণা পৰিষদৰ সদস্য সাংবাদিক মৃদু পরন চুতীয়া আদিকে কৰি কেইবাজনো ব্যক্তিয়ে বক্তব্য ৰাখে। যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াৰ নেতৃত্বত বর্তমান চুতীয়া জনগোষ্ঠীৰ গাঁও সমূহত ‘গাঁওবোৰ বিচাৰি যাওঁ’ কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন গাঁওসমূহ ভ্ৰমণ কৰি নিজা কৃষ্টি-সংস্কৃতিৰ ৰক্ষা কৰি বসবাস কৰি আহিছে বুলি মন্তব্য কৰে।

লগতে অসমৰ ৰাজনৈতিক দলসমূহক আগন্তুক লোকসভা, বিধান সভাৰ নিৰ্বাচনত চুতীয়া জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব দিয়াত অগ্রাধিকাৰ দিবলৈ দাবী জনায়। সভাত চুতীয়া জাতি সন্মিলন চিচিবৰগাঁও আঞ্চলিকৰ সভাপতি তথা সমাজকৰ্মী ক্ষীৰোদ ভূঞা আৰু সম্পাদক পুলেন চুতীয়া, চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণ চন্দ্ৰ চুতীয়া, অৱসৰী বিষয় শিক্ষক ৰামচন্দ্ৰ চুতীয়া, চুতীয়া জাতি মহিলা সন্মিলনৰ কাৰ্যকৰী সভানেত্ৰী গুণ চুতীয়া, অৱসৰী প্ৰধান শিক্ষক ক্ৰমে হেমন্ত হাজৰিকা, নাৰায়ণ চুতীয়া, শিশুৰাম ভূঞা, সুশীল ভূঞা, সমাজকৰ্মী ক্ৰমে মহেশ্বৰ চুতীয়া, বৈকুণ্ঠ চুতীয়া, লক্ষ্যজ্যোতি ভূঞা, পৱন চুতীয়া, চুতীয়াৰ জাতি সন্মিলন ৰাজ্যিক কার্য্যনিৰ্বাহক গোপাল বৰা, আশানন্দ চুতীয়া, চুতীয়া যুৱ সন্মিলন জোনাই জিলা সমিতিৰ সভাপতি ভুপেন চুতীয়া, সাধাৰণ সম্পাদক জিন্টু চুতীয়া, ৰুবী চুতীয়া আদিৰ বহুকেইজন ব্যক্তি উপস্থিত থাকে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত শলাগৰ শৰাই আগবঢ়ায় চুতীয়া জাতি সন্মিলনৰ চিচিবৰগাঁও আঞ্চলিকৰ সভাপতি ক্ষীৰোদ ভূঞাই আৰু ধন্যবাদসূচক বক্তব্য ৰাখে আঞ্চলিক সমিতিৰ সম্পদক পুলেন চুতীয়াই।

শম্ভু দাস চিলাপথাৰ

Leave A Reply