চৰাইদেউ ঔ গুৰি শ্যাম গাওঁৰ বৌদ্ধ বিহাৰৰ শতবৰ্ষ সমাৰোহৰ সামৰণি অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি

ঐতিহাসিক  চৰাইদেউ জিলাৰ ঔ গুৰি শ্যাম গাওঁত  ১৯২০ চনতে   প্ৰতিষ্ঠা হোৱা  বৌদ্ধ বিহাৰ খনে ২০২০ চনত  ১০০ বছৰ  সম্পূৰ্ণ কৰিলে । সেয়ে  সমূহ ঔ গুৰি শ্যাম গাঁওবাসীৰ  উদ্যোগত বৌদ্ধ বিহাৰ শতবৰ্ষ সমাৰোহৰ সামৰণি অনুষ্ঠানটি অতি ধুম ধামেৰে  অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত   দুদিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত কৰিবলৈ ঔ গুৰি শ্যাম গাৱঁৰ ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে । সামৰণি সমাৰোহৰ  কাৰ্যসূচী অনুসৰি  পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব  ঔ গুৰি শ্যাম গাঁওৰ  বিহাৰাধক্ষ্য  সুভিতা ভিক্ষুয়েআবেলি ১ বজাত ৰাজহুৱা সভা ।সভাত  সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি  ভদন্ত জ্ঞানপাল মহাথেৰ ,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ,সোনাৰী সমষ্টিৰ বিধায়িকা নৱনীতা  সন্দিকৈ, চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া ,,চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাঙ্গ মিশ্ৰ , যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱব্ৰত শৰ্মা , গৱেষক বৌদ্ধ পণ্ডিত দূর্গেশ্বৰ ৰায় ,গড়গাঁও মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ চন্দাদিত্য গগৈ ,আহোম ৰয়েল ছাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰ আৰু কানু মধ্য ইংৰাজী বিদ্যালয়ৰ কৃৰ্তি শিক্ষক অৰুণ গগৈ উপস্থিত থাকিব ।সন্ধিয়া ৭ বজাত  মাইক চুংফাই আৰু  সাংস্কৃতিক অনুষ্ঠানটি শুভ উদ্বোধন কৰিব বিশিষ্ট সমাজ কৰ্মী উৎপল গগৈয়ে।২৭ ফেব্ৰুৱাৰী পুৱা ৪-৩০ বজাত মাইক চুংফাই প্ৰজ্বলন । ৯ বজাত খামছিং থমত্ৰা  আৰু সন্ধিয়া বিশ্ব শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰি অনুষ্ঠানটিৰ সামৰণি মাৰিব ।উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উদযাপন সমিতিৰ হৈ সভাপতি গৌৰী ভদ্ৰ শ্যাম আৰু সম্পাদক প্ৰকাশ শ্যামে আহ্বান জনাইছে।

Related Articles