Breaking

সুৰাৰ ৰাগী আৰু জুৱা খেলৰ চৰম পৰিণতি! সহকৰ্মী মূৰত বটল আৰু ৰ’দৰ আক্ৰমণত আহত জিতু হাজৰিকা…

0 65

আইন শৃংখলাৰ যেন ব্যাপক অৱনতি ঘটিছে শিৱসাগৰত | শিৱসাগৰৰ বিভিন্ন স্থানত দিনে-নিশাই এতিয়া মদ, জুৱাৰ আড্ডা | অভিযোগ অনুসৰি যোৱা নিশা শিৱসাগৰ নগৰৰ সমীপত নিশা ভাওনা পেণ্ডলৰ সুযোগ লৈ একাংশ চালকে জুৱা খেলে | যাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় | জুৱা খেলৰ চৰম পৰিণতিত সৃষ্টি হোৱা কাজিয়াত গুৰুত্বৰ ভাৱে আহত হৈছে জিতু হাজৰিকা | জিতু হাজৰিকা বিজেপি ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ সম্পাদক বুলি জানিব পৰা গৈছে | জুৱা খেলি থকা অৱস্থাত আন জুৱাৰীৰ আক্ৰমণত আহত হয় জিতু হাজৰিকা | জিতু হাজৰিকা মন্তব্য অনুসৰি জুৱা খেলৰ বাধা দিয়াৰ বাবে তেওঁক প্ৰহাৰ কৰে ৰাতুল আলী আৰু ৰাজু আলী সহ আন একাংশই |

অনহাতে এই অভিযোগ অস্বীকাৰ কৰিছে অভিযুক্ত ৰাতুল আলীয়ে | ৰাতুল আলীৰ মতে জুৱা খেলত তৰ্কাতৰ্কি হোৱাত তেওঁক প্ৰহাৰ কৰে বাবে তেওঁৰ লগৰ কেইজনে জিতু হাজৰিকাক বৰ বেয়াকৈ মাৰধৰ কৰে | যাৰ ফলত নিশা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় জিতু হাজৰিকাক | জিতু হাজৰিকা মূৰত পৰিল বহু কেইটা চিলাই | আৰক্ষীৰ মৌনতাত এতিয়া শিৱসাগৰ নগৰ খনৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে অপৰাধ প্ৰৱণতা | ইতিমধ্যে ঘটনা সন্দৰ্ভত একাধিক জুৱাৰীক আটক কৰিছে আৰক্ষীয়ে | আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ সবিশেষ পোহৰলৈ আহিব |

Leave A Reply