ডাৰ্ক চাৰ্কলৰ বাবে আই ফিলাৰ কৰি অদ্ভুত ৰূপত উৰ্ফি জাভেদ। উৰ্ফিয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত দুখন ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ মুখখন বিকৃত ৰূপত দেখা গৈছে। কাপোৰৰ বাহিৰেও ছ’চিয়েল মিডিয়াত ডাৰ্ক চাৰ্কলৰ বাবে প্ৰায়ে ট্ৰ’লৰ সন্মুখীন হয় অভিনেত্ৰীগৰাকী। সেইবাবে উৰ্ফীয়ে ডাৰ্ক চাৰ্কলৰ চিকিৎসা গ্ৰহণ কৰিছিল। উৰ্ফীয়ে ক’লা দাগবোৰ লুকুৱাবলৈ আই ফিলাৰ বনাইছিল যদিও এই কাম কৰাৰ পিছতে চকুৰ তলৰ অংশ ফুলি উঠিছে আৰু ফিলাৰৰ বাবে অভিনেত্ৰীগৰাকীক দেখিবলৈ কুৎচিত লগা হৈছে। ফটো চাওক-

আই ফিলাৰটো কৰি দিয়াৰ পিছত উৰ্ফীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শেহতীয়া ফটোখন শ্বেয়াৰ কৰিছে, য’ত চকুৰ তলৰ অংশ যথেষ্ট ফুলা আৰু ৰঙা পৰা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে নিজৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে।
অভিনেত্ৰীগৰাকীয়ে ইনষ্টা ষ্ট’ৰীত আন এখন ফটো শ্বেয়াৰ কৰিছে। য’ত তেওঁৰ ওঁঠ দুটা একেবাৰে বেলেগ দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কয় যে লিপ ফিলাৰ কৰাৰ পিছত তেওঁৰ ওঁঠ দুটাও ফুলি উঠিছে।


