Breaking

বৃদ্ধ বয়সতো চকুৰ দৃষ্টিশক্তি ভালে থাকিব। খাব লাগিব এইসমূহ খাদ্য…

0 44

খাদ্যাভ্যাস আৰু জীৱনশৈলী বাবে বৰ্তমান সময়ত বহু লোকে চকুৰ সমস্যাৰ সৈতে যুঁজি আছে। এনে পৰিস্থিতিত আপুনি এই খাদ্য সামগ্ৰীসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি বৃদ্ধাৱস্থালৈকে চকু ভালে ৰাখিব পাৰিব। এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধ বয়সলৈকে ভাল হোৱাটো বিচাৰে তেন্তে আপুনি আপোনাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বিশেষ যত্ন লব লাগিব। এই খাদ্য সামগ্ৰীসমূহ চকুৰ বাবে উপকাৰী-


১) চকুৰ দৃষ্টিশক্তিৰ বাবে খাদ্য তালিকাত আলমণ্ড অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু ওমেগা ৩ ফেটি এচিড থাকে। এইবোৰে চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। দৈনিক ৫ৰ পৰা ৬ টা তিয়াই থোৱা আলমণ্ড ৰাতিপুৱা খাব পাৰে।

২) মিঠা আলুও খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত বিটা কেৰটিন পোৱা যায়, যিটো চকুৰ স্বাস্থ্যৰ ক্ষেত্ৰত অতি উপকাৰী। চকুৰ শুকানতা কম কৰাত সহায় কৰে।

৩) মিয়ামি বিশ্ববিদ্যালয়ে কৰা এক অধ্যয়ন অনুসৰি বিলাহীত ভিটামিন এ আৰু বিটা কেৰটিন পোৱা যায় যিয়ে চকুক সুস্থ কৰি ৰাখে। ৰেটিনাৰ স্বাস্থ্য উন্নত কৰাত ই সহায়ক। ইয়াৰ বাবে চকুৰ দৃষ্টিশক্তি ভালে থাকে।

৪/ বীনকো আপোনাৰ খাদ্যৰ অংশ কৰি লওক। ইয়াত প্ৰচুৰ পৰিমাণে বায়’ ফ্লেভন’ইড আৰু জিংক থাকে যিয়ে চকুৰ ৰেটিনা শক্তিশালী কৰাত সহায় কৰে।

৫) আপোনাৰ খাদ্যত ছাইট্ৰাছ ফলক স্থান দিব লাগিব। কমলা, আঙুৰ আৰু নেমু আদি ফল অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ চকুৰ দৃষ্টিশক্তি ভালে থাকিব। আপোনাৰ চকু সুস্থ হৈ থাকিব। আচলতে ভিটামিন চি আৰু ভিটামিন এ ছাইট্ৰাছ ফলত পোৱা যায় যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

৬) বাদামত ভিটামিন এ থাকে যিয়ে চকুক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিও চকুৰ পতা চকুৰ স্বাস্থ্যৰ বাবেও উপকাৰী।

৭) খাদ্যত মাছ অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াত ওমেগা ৩ ফেটি এচিড থাকে যিয়ে চকু ভালে ৰাখে। ওমেগা ৩ ফেটি এচিডৰ উত্তম উৎস হ’ব পাৰে টুনা, ছালমন। সপ্তাহত কমেও দুবাৰকৈ মাছ সেৱন কৰিলে চকুত পুষ্টি লাভ কৰিব পাৰি।

Leave A Reply