Breaking

ফেচবুক- ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ একাউণ্ট স্বয়ংক্ৰিয়ভাৱে লগ আউটৰ ফলত মেটাৰ লোকচান হ’ল প্ৰায় ১০০ নিযুত মাৰ্কিন ডলাৰ…

0 14

ফেচবুক ব্যৱহাৰকাৰীসকলে মঙলবাৰে নিশা সন্মুখীন হোৱা সমস্যাকলৈ আজিও বিশ্বজুৰি চৰ্চা চলি আছে। সমগ্ৰ বিশ্বৰ ফেচবুক ব্যৱহাৰকাৰীৰ একাউণ্ট স্বয়ংক্ৰিয়ভাৱে লগ আউট হৈ গ’ল। ফলত সমগ্ৰ বিশ্বৰ গ্ৰাহকসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে, কেৱল ফেচবুকতে নহয়, একেটা সমস্যা ইনষ্টাগ্ৰাম, থ্ৰেড আৰু মেচেঞ্জাৰতো হয়। ভাৰতৰ উপৰি আমেৰিকা, ইউৰোপকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই সমস্যাৰ উদ্ভৱ হ’য়। হঠাতে, নিশা প্ৰায় ৮.৩০ বজাত, সকলোৰে ম’বাইলত ফেচবুক নোখোলা হয়। এই সমস্যাটো ছাৰ্ভাৰৰ সমস্যাৰ বাবে হৈছে বুলি চাইবাৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।

ছ’চিয়েল মিডিয়া আৰু ৱেবছাইট ট্ৰেকিং ছাইটসমূহে এই সমস্যাৰ বাবে চাৰ্ভাৰকে দোষ দিছিল।। এই সমস্যাটো ফেচবুকৰ তিনি লাখৰো অধিক একাউণ্টত হৈছিল। একেদৰে ইনষ্টাগ্ৰামৰ ২০ হাজাৰৰো অধিক একাউণ্টত একেধৰণৰ লগ আউটৰ সমস্যা হৈছিল। অৰ্থনৈতিক বিশ্লেষকৰ সমীক্ষা অনুসৰি প্ৰায় ডেৰ ঘণ্টাৰ বাবে হোৱা এনে বিজুতিৰ বাবে মেটাৰ লোকচান হৈছে ১০০ মিলিয়ন মাৰ্কিন ডলাৰৰো অধিক।

Leave A Reply