Breaking

ফাগুনৰ কবিতা “তুমি আহিবা বাবেই”

0 442

তুমি আহিবা বাবেই মোৰ চোতালৰ
বনৰ নিয়ঁৰ আজি শুকুৱা নাই।
চোতালত খেলি ফুৰা শালিকাহালৰ
প্ৰেমে তোমাৰ আৰু মোৰ চেনেহৰ
দিনলিপিৰ কবিতা লিখে।

তুমি ফুল মই ভোমোৰা
তুমি বতাহত হালি জালি অস্থিৰ হৈ পৰা
মই ভোমোৰা হই তোমাক স্থিৰে ৰাখিবলৈ
চাৰিওফালে ভাগৰি নপৰাকৈ খেদি ফুৰো।

তুমি হালি যোৱা আৰু
মই চুই যাওঁ
নিয়ঁৰত ভিজা তোমাৰ শৰীৰৰ
কোমলতাখিনি।
তুমি আহিবা বাবেই মোৰ চোতালৰ
বনৰ নিয়ঁৰ আজি শুকুৱা নাই।
চুই চাম নিয়ঁৰত ভিজা তোমাৰ শৰীৰৰ
কোমলতা খিনি।

কবি- হিমাংশু পাঠক

Leave A Reply