Breaking

খাৰুপেটীয়াত সুলভ মূল্যৰ চাউল জব্দ…

0 71

খাৰুপেটীয়াত সুলভ মূল্যৰ চাউল জব্দ । শূন্য সহনশীলতাৰ শ্লোগানেৰে গাদীত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰৰ বিভাগে বিভাগে চলিছে অবাধ দুৰ্নীতি লুণ্ঠনৰাজ ।

যোগান বিভাগৰ বৰমূৰীয়াৰে মিলি সুলভ মূল্যৰ দুখীয়াৰ চাউল লুণ্ঠনৰাজ চলোৱাৰ বিষ্ফোৰক অভিযোগ ৰাইজৰ । দলগাঁও সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়াৰ বৰুৱাঝাৰ সমবায়ৰ দুৰ্নীতিগ্ৰস্ত সম্পাদক শ্বহীদূল ইছলামে As12BC 2010 নম্বৰৰ এখন ডি আই গাড়ী ভৰ্তি চাউল কলা বজাৰত বিক্ৰীৰ বাবে নিয়া অবস্থাত আৰক্ষীয়ে হাতে লোটে জব্দ কৰে চাউলখিনি দৰং আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই খাৰুপেটীয়া আৰক্ষীৰ সহযোগত এক গোপন খবৰৰ ভিত্তিত বিক্ৰীৰ বাবে লৈ যোৱা অবস্থাত খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ পৰা গাড়ীখন চাউল সহ জব্দ কৰে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে আজি 70 বস্তা চাউল বৰুৱাঝাৰ সমবায়ৰ সম্পাদকৰ নিজৰ ডি আই গাড়ীৰে বিক্ৰীৰ বাবে আনিছিল ইয়াৰ পুৰ্বেও শ্বহীদূল ইছলাম নামৰ দুৰ্নীতিগ্ৰস্ত সম্পাদকজনৰ বিৰুদ্ধে সমবায়ৰ চাউল কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল। অভিযোগ মতে সমবায়ৰ বিভিন্ন শিতানত থকা ধন সমূহো আত্মসাত কৰি আহিছে । কিছুদিন পূৰ্বেও চাউল কেলেংকাৰীৰ অভিযোগত অভিযুক্ত হৈছিল শ্বহীদূল ইছলাম ৰাইজে শ্বহীদূল ইছলামৰ দুৰ্নীতিৰ বিৰুদ্ধে বহুবাৰ জিলা লগতে যোগান বিভাগত অভিযোগ দাখিল কৰিছিল যদিও আজিলৈকে তেওঁৰ বিৰুদ্ধে কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নাই ।

আজিৰ চাউল জব্দ সন্দৰ্ভত কেচ ৰেজিষ্টাৰ হোৱা নাই যদিও অধিক তথ্য পোহৰলৈ আনিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । চকু মুদা কুলিৰ ভাউ দি থকা যোগান বিভাগ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে দুৰ্নীতিগ্ৰস্ত বৰুৱাঝাৰ সমবায়ৰ বিষয় ববীয়াৰ বিৰুদ্ধে ব্যৱস্হা গ্ৰহণ কৰাৰ সাহস হবনে ??

Leave A Reply