Breaking

আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত সহ তেওঁৰ ৯ দেহৰক্ষী

0 38

সোমবাৰে তেজপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ভুৱা উপায়ুক্ত সহ ৯ জনীয়া এটা দল৷

তথ্য অনুসৰি, তেজপুৰত সোমবাৰে আবিৰ্ভাৱ ঘটে এজন ভুৱা উপায়ুক্তৰ।

নিজকে উপায়ুক্ত বুলি পৰিচয় দিয়া এই ধৃত লোকজনৰ নাম অংকুৰ শইকীয়া।

নিজকে উপায়ুক্ত হিচাপে চিনাকী দি তেজপুৰ চহৰৰ মাজমজিয়াত ঘূৰি আছিল অংকুৰ শইকীয়াই।

লগত আছিল দেহৰক্ষীও, আৰক্ষীয়ে ভুৱা উপায়ুক্ত অংকুৰ শইকীয়াৰ লগতে দেহৰক্ষী হিচাপে থকা ৯ জন লোককো আটক কৰিছে। আটকাধীন লোকসকলৰ তালিকাত আছে তেওঁৰ এজন চালক।

আনফালে শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী বুলি চিনাকী দিয়া দুজন লোককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Leave A Reply