Breaking

পশ্চিম দৰঙত অনাময় আঁচনিৰ নামত প্ৰহসন

0 2,018

 স্বচ্চ ভাৰত অভিযান আচঁনিৰ অংশ হিচাপে চৰকাৰে জিলা সমূহৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে অনাময় আঁচনিৰ অধীনত দৰিদ্ৰ লোক  সকলৰ পৰিয়ালত নিৰ্মাণ কৰা অনাময়ৰ বাৰ হাজাৰ টকীয়া বিনামূলীয়া শৌচাগাৰ পশ্চিম দৰঙত  ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিনত গাঁও পঞ্চায়ত সমূহত গাঁও সভা অনুষ্ঠিত কৰি ৰাইজৰ দৃষ্টিৰ বাবে খন্তেকীয়া চাফাইকে ধৰি স্বচ্চতাৰ ওপৰত বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰা দেখা যায়। কিন্তু বাস্তৱ ক্ষেত্ৰত মূৰকত গৈ ভেঁকোভাওনা স্পষ্ট হৈ পৰে।   দৰঙৰ পশ্চিমাঞ্চলৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত জনস্বাস্থ্য কাৰিকৰী বিভাগে   মলত্যাগমুক্ত গাঁও পঞ্চায়ত হিচাপে চিহ্নিত কৰি বৃহৎ আকাৰৰ ছাইনবোৰ্ড একোখন আঁৰি দিয়া দেখা গৈছে। কিন্তু বাস্তৱ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ কিমান শতাংশ দৰিদ্ৰ পৰিয়ালে প্ৰকৃতাৰ্থত অনাময়ৰ শৌচাগাৰ লাভ কৰিছে।এক উদাহৰণ স্বৰূপে ছিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ বন্যাক্ৰান্ত গাঁও দুৰদুৰীয়া গাঁৱৰ অতিকৈ ডাল দৰিদ্ৰ মৎস্য ব্যৱসায়ী আলী, বিভক্ষু ছাইফুদ্দিন আহমেদ, আতোৱাৰ ৰহমান,ঘোপেলীৰ ভবেন ডেকাকে পঞ্চায়ত খনৰ গাঁৱে গাঁৱে বহু দৰিদ্ৰ পৰিয়ালে চৰকাৰৰ অনাময়ৰ  বিনামূলীয়া শৌচাগাৰৰ বঞ্চিত হৈ অহাত আজিও মুকলি ঠাইত শৌচ-প্ৰচাৱ কৰি আহিবলগীয়া হৈছে। আশ্বৰ্যজনক কথা যে    গাঁও পঞ্চায়তখনত মলত্যাগমুক্ত পঞ্চায়ত হিচাপে বিভাগে কিয় বৰ বৰ আখৰেৰে বৃহৎ ছাইনবোৰ্ড আঁৰি দিলে ই এক নুবুজা সাঁথৰ। ইফালে যি সকল হিতাধিকাৰীৰ অনাময়ৰ বিনামূলীয়া শৌচাগাৰ এন জি অ’ৰ ঠিকাদাৰৰ জৰিয়তে কৰিছে সেইবোৰ ব্যৱহাৰ নৌকৰোতেই ভাগি যোৱাৰ অভিযোগ উঠিছে। উদাহৰণ হিচাপে কুমাৰপাৰা গাঁৱৰ ৰূপা ডেকা নামৰ এজন অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ঘৰত নিৰ্মাণ কৰা অনাময় শৌচাগাৰ নিৰ্মাণ শেষ হোৱাৰ পাছত ব্যৱহাৰ কৰিব নোৱাৰি ভাগি পেলাই দিয়াৰ ঘটনাই দুৰ্নীতি অনিয়মৰ ছবিখন স্পষ্ট ৰূপত উদঙাই দেখুৱাইছে। তদুপৰি বিভাগৰ মনেমিলা এন জি অ’ৰ তথাকথিত ঠিকাদাৰ সকলে আঁচনিৰ নীতি নিয়মক জাঁৱৰেৰে ঢাকি প্ৰয়োজনীয় সামগ্ৰী ব্যৱহাৰ নকৰি পালমাৰি কৰিয়েই বিষয়া-কৰ্মচাৰীৰ সহযোগত আঁচনিৰ বিপৰীতে আবন্টিত ধন মুকলি কৰিবলৈ সৌভাগ্য ঘটিছে।ইয়াত হিতাধিকাৰী কিম্বা ৰাইজৰ কোনো অভিযোগক গুৰুত্ব দিয়া নহয়। ইফালে একাংশ দুখীয়া দৰিদ্ৰলোক এটা পকী চৰকাৰী শৌচাগাৰৰ বাবে কান্দি থাকি মুকলি ঠাইত দিন ৰাতি  মলত্যাগ কৰি আহিবলগীয়া হোৱাৰ  পাছতো বিভাগে বাঃ বাঃ লোৱাৰ যুক্তি ক’ত বুলি সচেতন লোক সকলে প্ৰশ্ন উত্থাপন কৰিছে।

Leave A Reply