Breaking

যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত পদুমনি মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষক নুৰ উদ্দিন আহমেদৰ বিদায় সম্বৰ্ধনা

0 97

হোজাই জিলাৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত পদুমনি মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষক নুৰ উদ্দিন আহমেদৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান আজি অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্যযোগ্য যে পুৱা দহ বজাত বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে শুভাযাত্ৰা কৰি তেখেতক ঘৰৰ পৰা বিদ্যালয় চৌহদলৈ আদৰি আনে।


দুপৰীয়া বাৰ বজাত সম্বৰ্ধনা সমিতিৰ সভাপতি কবি মুজাম্মিল আলীৰ সভাপতিত্বত মুকলি সভা আৰম্ভ হয়। এটি সমূহীয়া বিদায়ী সংগীতেৰে সভা শুভাৰম্ভ কৰা হয়। সভাত বিশিষ্ট শিক্ষক, কবি, খেলুৱৈ গৰাকীৰ এই বিদায়ী অনুষ্ঠানত অঞ্চলটোৰ কেইবাটাও সংগঠনে সম্বৰ্দ্ধনা জনোৱা পৰিলক্ষিত হয়৷


তাৰে যমুনাপৰীয়া শাখা সাহিত্য সভাৰ হৈ শাখাৰ প্ৰাক্তন উপ সভিপতি তথা সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক নুৰ উদ্দিন আহমেদক এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় শাখাৰ সম্পাদক ছাদিকুজ জামানে৷ লগতে পদুমনি জাতীয় বিদ্যালয়,মোৰাঝাৰ জাতীয় একাডেমী,পদুমনি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকগোট আৰু পৰিচালনা সমিতিৰ সভাপতি হবিবুৰ ৰহমান,স্থানীয় যুৱক ফিৰুজ আহমেদ,মাহমদ হুছেইন,ইমৰান হুছেনকে ধৰি স্থানীয় দল সংগঠন আৰু বিভিন্নজনে গামোছা,জাপি,মানপত্ৰ,কাপোৰ,সুগন্ধি আতৰকে ধৰি বহু মূল্যবান সামগ্ৰীৰে সম্বৰ্ধনা জনায়৷

ইপিনে এই সভাতে প্ৰাক্তন সাংবাদিক জিয়াউৰ ৰহমানে কবি মোজাম্মিল আলীৰ সম্পাদনাত “আদৰ্শ শিক্ষক নুৰ উদ্দিন আহমেদ’ শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়৷ সভাত হাজী আনফৰ আলী মহাবিদ্যালয়ৰ প্ৰবক্তা ড° হাচিনুচ চুলতান, কবি , শিক্ষক ৰফিক উদ্দিন বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ বিশ্বাসকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে৷

Leave A Reply