অৱসৰৰ পিছতো পাঠদানৰ সেৱা আগবঢ়াই যোৱা কামৰূপৰৰ খৰিকটা হাইস্কুলৰ প্ৰতিষ্ঠা কালৰ সংস্কৃত শিক্ষক কনক চন্দ্ৰ গোস্বামীৰ বিদায় সম্বৰ্ধনা

অৱসৰৰ পিছতো পাঠদান সেৱা আগবঢ়াই থকা কামৰূপ জিলাৰ খৰিকটা হাইস্কুলৰ প্ৰতিষ্ঠা কালৰ সংস্কৃত শিক্ষক কনক চন্দ্ৰ গোস্বামীৰ বিদায় সম্বৰ্ধনা সভাখন বুধবাৰে অনুষ্ঠিত হৈ যায় ৷খৰিকটা হাইস্কুল প্ৰাঙ্গণত বুধবাৰে বিয়লি অনুষ্ঠিত সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে বিদ্যানয়খনৰ সহঃ শিক্ষক শৰৎ চন্দ্ৰ কাকতিয়ে৷প্ৰতিষ্ঠাৰ দিনটোৰপৰা বিদ্যালয়খনত ৪০ বছৰ শিক্ষকতা কৰি অৱসৰ বিগত ২০২১ বৰ্ষৰ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰা কনক চন্দ্ৰ গোস্বামীয়ে অৱসৰৰ পিছতো স্ব-ইচ্ছাই বৰ্তমানলৈ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আছে ৷ যাৰবাবে প্ৰতিগৰাকী বক্তাই সভাত তেওঁৰ প্ৰশংসা কৰে৷এই সম্বৰ্ধনা সভাত সতীৰ্থ শিক্ষক-কৰ্মচাৰী আৰু প্ৰাক্তন তথা বৰ্তমানৰ শিক্ষাৰ্থী সকলেও এইগৰাকী মহান শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে৷

সভাত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বাইহাটা চাৰিআলি থানা উপদেষ্টা সমিতিৰ সম্পাদক জগদীশ ডেকাই জাপি আৰু ফুলাম গামোছাৰে অৱসৰী শিক্ষক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সভাত খৰিকটা হাইস্কুলৰ প্ৰধান শিক্ষক পুলিন চন্দ্ৰ শৰ্মাসহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷সভাখনৰ আঁত ধৰে বিদ্যালয়খনৰ সহঃ শিক্ষক মহৎ চন্দ্ৰ ডেকাই৷

Related Articles