বিশ্বনাথ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কৰুনাকান্ত ভট্টই অলপতে গ্ৰহণ কৰে অৱসৰ ৷ তেওঁৰ কৰ্মময় জীৱনৰ ২৪ বছৰ কাল কাৰ্যনিৰ্বাহ কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰূপে৷
বিশ্বনাথ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কৰুণাকান্ত ভট্ট এগৰাকী সুদক্ষ শিক্ষা বিষয়া হিচাবে সুনাম আছে শিক্ষক সমাজত৷ তেওঁ অৱসৰ গ্ৰহণ কৰাত ছেলাইখাতি আৰু তৰাজুলি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আৰু শিক্ষক সকলৰ সহযোগত মহজুলি প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰে বিদায় সম্বৰ্দ্ধনা সভাৰ৷

মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰাজেন ভুমিজৰ সভাপতিত্বত বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ শইকীয়াৰ উদ্দেশ্য বাখ্যা কৰা সভাত সদ্য অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কৰুণাকান্ত ভট্টৰ কাৰ্যকালত শৈক্ষিক উত্তৰণত বিভিন্ন দিশসমূহ আলোচনা কৰা হয় ৷
এই সভাতেই শিক্ষা বিষয়া গৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে শৰাই, স্মাৰক আৰু বিদায় সম্বৰ্দ্ধনা পত্ৰৰে অভিনন্দিত কৰা হয় ৷ ইয়াৰ উপৰিও ছেলাইখাতি এম ই স্কুলৰ প্ৰধান শিক্ষক লংকী বে, ছেলাইখাতি ডেকাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহিৰাম ৰংহাং, ছেলাইখাতি এল পি স্কুলৰ শিক্ষক বিকাশ নাগেও অৱসৰ গ্ৰহণ কৰাত সভাই সম্বৰ্দ্ধনা জনোৱাৰ লগতে স্মাৰক আৰু বিদায় সম্বৰ্দ্ধনা পত্ৰৰে সন্মানীত কৰে ৷ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে তেওঁৰ নিজৰ কাৰ্যকালত শৈক্ষিক দিশসমূহক সাঙুৰি বক্তব্য ৰাখে ৷

তৰুণ বৰুৱা, জগত বনিয়া ,অৱসৰপ্ৰাপ্ত শিক্ষক খগেন তেৰাঙকে ধৰি কেইবাগৰাকী শিক্ষকে সভাত নিজা মন্তব্য আগবঢ়াই ৷ সভাৰ শেষত সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক বিকাশ নাগে বিদায় বেলাৰ সময়োচিত গীত পৰিবেশন কৰি সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷
– ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

