Breaking

টিংৰাই অঞ্চলৰ অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক মানিক শৰ্মা আৰু মঞ্জুৰাণী দেৱীক বিদায় সম্বৰ্ধনা জ্ঞাপন

0 2,296

দৈনন্দিন বাৰ্তা সেৱা, টিংৰাই, ৩০ ডিচেম্বৰ, শিক্ষাদানৰ বৃত্তি দৰে মহান কৰ্ম জৰিয়তে সমাজত উৰেতু জীৱন জ্ঞানৰ পোহৰ বিলাই অৱশেষত নিজৰ কৰ্মজীৱনৰ পৰা বিদায় লোৱা সময়ত প্ৰতিজন কৃৰ্তিশিক্ষক স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সন্মান সহকাৰে বিদায় সম্ভাষণ জ্ঞাপন কৰা দেখা যায় ৷ টিংৰাই সমীপৰ এন কে নাজিৰাটিং প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে নিজৰ জীৱনৰ শিক্ষকৰ্তা বৃত্তি পৰা চৰকাৰী ভাৱে অৱসৰ গ্ৰহণ কৰা সময়ত অঞ্চলটোৰ কৃৰ্তি শিক্ষক মানিক শৰ্মাক আনুষ্ঠানিকভাৱে সম্ভাষণ জ্ঞাপন কৰে স্থানীয় ৰাইজে ৷ যোৱা ২৬ ডিচেম্বৰত টিংৰাই আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই আয়োজন কৰা এক বিদায় সম্বৰ্ধনা কাৰ্যসূচীত বিদ্যালয়খনৰ প্ৰাঙ্গনত পানীখোৱা শিক্ষা মণ্ডলৰ এজন কৃৰ্তি আৰু সমল শিক্ষক হিচাপে মাণিক শৰ্মাক বিভিন্ন জনে জনালে ৰাজহুৱা বিদায় সম্ভাষণ । উল্লেখ যে ১৯৮৮ চনৰ ১ ছেপ্তেম্বৰত বিদ্যালয়খনত শিক্ষকতা জীৱন পাতনি মেলা মানিক শৰ্মাই ১৯৯৮ চনৰ ৩১ মাৰ্চৰ পৰা বিদ্যালয়খনত প্ৰধান শিক্ষকৰ দ্বায়িত্ব লৈ গ্ৰাম্য অঞ্চলটোত বহু ছাত্ৰ ছাত্ৰীক শিক্ষাদান প্ৰদান কৰি আহিছিল ৷ জ্ঞানৰ পোহৰ বিলোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন শিক্ষা বিভাগৰ দ্বায়িত্বও পালন কৰি গৈছিল মানিক শৰ্মাই ৷ ২০০৪-০৬ বৰ্ষত ১ নং নাজিৰাটিং গাওঁ শিক্ষা সমিতিৰ সদস্য সচিব আৰু ২০০৮-১০ বৰ্ষত পঞ্চায়তৰ শিক্ষা সমিতিৰ সদস্য সচিব হিচাপে সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন দ্বায়িত্ব পালন কৰিছিল শিক্ষক মানিক শৰ্মাই ৷ ২০০৯-১০ বৰ্ষত হাপজান শিক্ষা খণ্ডৰ পানীখোৱা শিক্ষা মণ্ডলৰ সৰ্বশিক্ষা মিচনৰ শ্ৰেষ্ঠ গাওঁ শিক্ষা সমিতিৰ মানপত্ৰ আৰু বৰ্ষশ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বটা লাভ কৰিছিল তেখেতে ৷ ইয়াৰ লগতে সেই সময়ত ইজিএছ ৰ তৰফৰ পৰা অঞ্চলটোত দুখনকৈ বিদ্যালয় স্থাপন কৰা ক্ষেত্ৰত অৰিহণা যোগাইছিল শিক্ষকগৰাকীয়ে ৷ শিক্ষকৰ্তা লগতে এজন কবি, শিশুপ্ৰেমী ভঙ্গীমা আৰু ওমলা গীতৰ সমাহাৰ থকা এজন  নিয়মানুৱৰ্তীতা শিক্ষক আৰু কৰ্তব্যপৰায়ন ব্যক্তি আছিল মানিক শৰ্মা ৷ বিদায় সম্বৰ্ধনা সভাত পানীখোৱা শিক্ষা মণ্ডলৰ চিআৰচিচি কল্যান কুমাৰ দিহিঙ্গীয়া, শিক্ষক প্ৰেমধৰ ফুকন, বিৰাজ গগৈ স্থানীয় জ্যেষ্ঠ ব্যক্তি চিতাৰাম ছেত্ৰী, কেডাৰ নাথ ছেত্ৰী, গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা নাজিৰাটিংবাসী  ৰাইজৰ লগতে ছাত্ৰ সমাজ আৰু শিক্ষকসকলে মৰম আৰু শ্ৰদ্ধাৰে সম্বৰ্ধনা পত্ৰ, সফুৰা, ফুলাম গামোচাৰে শিক্ষকগৰাকীক উপচাই দিয়ে । একেটা অনুষ্ঠানতে তামুলী বন গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মঞ্জুৰাণী দেৱীকো আন্তৰিকতাৰে বিদায় সম্ভাষণ জ্ঞাপন কৰে ৰাইজে । মঞ্জুৰাণী দেৱীৱেও বিগত বহু বছৰ ধৰি অতি ভিতৰুৱা ঠাই ঘন হাবিৰে আগুৰি থকা তামুলি বনগাওঁ প্ৰাৰ্থমিক বিদ্যালয়ত নিজৰ শিক্ষাদান প্ৰদান কৰি কিছু দিনৰ আগতে অৱসৰ গ্ৰহণ কৰিছিল ৷ (ফটো)
দৈনন্দিন বাৰ্তা সেৱা, টিংৰাই ৷  

Leave A Reply