Breaking

পশু চিকিৎসক ডাঃ জগদীশ বৰ্মনলৈ ” কৃষক বন্ধু ” অভিধা প্ৰদান

0 2,118

ৰাজ্যৰ অন্যতম সক্ৰিয় কৃষক সংগঠন “কৃষক অধিকাৰ সুৰক্ষা সমিতি” ( কাছ)  আৰু নাৰী অধিকাৰ সুৰক্ষা সমিতি ( নাচ) এ নাজিৰাৰ পশু চিকিৎসা বিষয়া ডাঃ জগদীশ বৰ্মনক সন্মানীয় ” কৃষক বন্ধু ” অভিধা প্ৰদান কৰিছে । পশু চিকিৎসক হিচাবে  গোপালন, গাহৰি পালন তথা কুকুৰা পালনৰ ক্ষেত্রত গ্রহণ কৰা বিশেষ পদক্ষেপৰ উপৰিও সংকট কালত পশুপালকসকললৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ডাঃ বৰ্মনলৈ এই সন্মান প্ৰদান কৰে । সংগঠন দুটিৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অলপতে শিৱসাগৰৰ ভীমপোৱা, পানীদিহিংত অনুষ্ঠিত এক জনাকীর্ণ সভাত ডাঃ জগদীশ বৰ্মনক “কৃষক বন্ধু ” অভিধা প্ৰদানৰ লগতে অসম মহিলা বিশ্ববিদ্যালয়ৰ ভাৰপ্রাপ্ত উপাচার্য তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্রাপ্ত উপাচার্য বিশিষ্ট কৃষি বিজ্ঞানী ড. অশোক কুমাৰ ভট্টাচার্যক “কৃষি ৰত্ন ” অভিধা প্ৰদান কৰে । অনুষ্ঠানটোত অংশগ্রহণ কৰি পশু চিকিৎসক ডাঃ বৰ্মনে উপস্থিত কৃষক তথা ৰাইজক পশুপালনৰ জৰিয়তে নিজকে আত্মসংস্থাপিত কৰাৰ লগতে ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনায় । তেখেতে নিজৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাইজক পথৰ আন্দোলনৰ পৰিবৰ্তে পথাৰতহে আন্দোলন কৰিবলৈ আহ্বান জনায় । এইক্ষেত্রত লোহিত চন্দ্র গগৈৰ নেতৃত্বত কৃষক অধিকাৰ সুৰক্ষা সমিতি আৰু নাৰী অধিকাৰ সুৰক্ষা সমিতিয়ে সমগ্র ৰাজ্যখনতে কৃষক সকলক উদ্বুদ্ধ কৰিবলৈ একানপতীয়া প্ৰচেষ্টা চলাই থকা বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু প্ৰয়োজন সাপেক্ষে তেখেতসকলক সহায় কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । উল্লেখযোগ্য যে, ৰাজ্যৰ পশু পালন তথা পশু চিকিৎসা ক্ষেত্রখনৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা চলাই থকা ডাঃ জগদীশ বৰ্মনক ইতিমধ্যে বিভাগীয়ভাবে “বিশেষ পাৰদর্শিতা বঁটা”ৰ প্ৰদানৰ উপৰিও “কৃষক বঁটা”কে ধৰি কেইবাটাও সন্মানেৰে সন্মানিত কৰা হৈছে । নিজে সদায় কৃষক সকলক বন্ধুৰ দৰেই সেৱা আগবঢ়াই ভাল পাই বুলি উল্লেখ কৰি এইবাৰ তেখেতক “কৃষক বন্ধু” হিচাবে আনুষ্ঠানিকভাৱে স্বীকৃতি প্রদান কৰা বাবে যথেষ্ট গৌৰৱান্বিত বুলি কয় । অনুষ্ঠানটোত অংশগ্রহণ কৰি কৃষি বিজ্ঞানী ড. অশোক কুমাৰ ভট্টাচার্যই আধুনিক প্রযুক্তি ব্যৱহাৰ কৰি কৃষক সকলক আগবাঢ়ি যাবলৈ আহ্বান জনাই আৰু তাৰবাবে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব বুলি কয় । ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকলৰ উপৰিও জিলাখনৰ তিনি শতাধিক লোকে অংশগ্রহণ কৰা অনুষ্ঠানটোত চৰাইদেউৰ জিলা কৃষি বিষয়া ড. অৰুণ চাংকাকতী, শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্রৰ মুখ্য বিজ্ঞানী ড. প্ৰদীপ সন্দিকৈয়েও সমল ব্যক্তি হিচাবে ভাগ লয় ।উল্লেখযোগ্য যে, দীর্ঘদিন ধৰি ৰাজ্যৰ কৃষকসকলৰ উন্নয়নৰ স্বার্থত কাম কৰি অহা সংগঠন দুটিয়ে এইবছৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে ।

Leave A Reply