আমি আটায়ে জানো অসম এখন কৃষিপ্ৰধান ৰাজ্য। (Farmers) ইয়াৰ অধিকসংখ্যক লোকেই কৃষিৰ ওপৰতে নিৰ্ভৰশীল। পিছে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল এই যে আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ দিনতো অসমৰ সৰহসংখ্যক খেতিয়কেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ চলিব লগা হৈয়ে আছে। ধান খেতি কৰাৰ সময়ত অৰ্থাৎ জেঠ, আহাৰ, শাওণ এই তিনি মাহত যদি অসমৰ কৃষকে খেতি কৰিব নোৱাৰে তেনেহ’লে বছৰটোলৈ কৃষক ৰাইজৰ বিলৈ-বিপত্তি নোহোৱা হ’ব। যিখন ছবি এইবাৰ দেখা পোৱা গৈছে। জেঠ-আহাৰ মাহ পাৰ হৈ এতিয়া শাওণ মাহো যাওঁ যাওঁ হ’ল। কিন্তু পথাৰত পানী নাই খেতি কৰিবলৈ। খেতিপথাৰত এই বাৰিষা কালতো অনাবৃষ্টিৰ ফলত ছিঁৰাল ফাঁট দিছে। আহাৰ-শাওণ মাহত আসমৰ খেতিপথাৰত কৃষকৰ ব্যস্ততা দুগুণে বাঢ়ে। কাৰণ এই সময়খিনিয়েই হ’ল শালি খেতি কৰাৰ উপযুক্ত সময়। পিছে বিগত দেৰ মাহত অসমত ৩৯ শতাংশলৈ হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ।
ফলত কৃষকে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিয়ে দেখা দিছে। এই শাওণ মাহলৈকে অসমত নাই বৰষুণ। ইফালে ৰজাঘৰীয়াও ব্যস্ত নিৰ্বাচনী সমীকৰণ মিলোৱাত। আনহাতে, এনে এটা পৰ্যায় অসমত গঢ়ি তোলা হৈছে যেন খেতি নকৰিলেও অসমৰ কৃষকে নোখোৱাকৈ নমৰে। কাৰণ অসমত স্বাভাৱিক বৰষুণ নহ’লেও কিন্তু আঁচনিৰ বৰষুণ পৰ্যাপ্ত পৰিমাণে বৰষিছে। গতিকে ৰজাঘৰীয়ায়ো পথাৰত যে এই ভৰ বাৰিষাৰ খেতিৰ বতৰত কৃষকে পানীৰ অভাৱত খেতি কৰিব পৰা নাই সেই কথাত হয়তো বেছিকৈ ভাবিবলৈ যেন বিচৰা নাই। সোৰোপা অসমীয়া বুলি আগৰে পৰাই বদনাম থকা অসমীয়ায়ো আঁচনিৰ মায়া জালত টোপনীয়াই টোপনীয়াই সপোন দেখি থাকোতেই বহিৰাগত বণিয়াই আহি বৰঘৰত সোমাই মাটি-ভেটিৰ ওপৰত ৰাজত্ব আৰম্ভ কৰিবলৈ ইতিমধ্যে ঠেং মেলিছেই। ইফালে অসমত দুটাকৈ নিৰ্বাচন আহি আছে। এটা হ’ল বিটিআৰৰ নিৰ্বাচন, আনটো হ’ল ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচন। সেয়ে ৰজাঘৰীয়া এতিয়া ভোটৰ অংক মিলোৱাত মচগুল।
তাতে আকৌ অসমত অবৈধ দখলদাৰীসকলক উচ্ছেদ কৰি অসমৰ ভূমি মুক্ত কৰাৰ বাবে চৰকাৰে আঁচনি লৈ ইতিমধ্যে যুদ্ধংদেহী মনোভাবেৰে কাৰ্যক্ষেত্ৰত নামি পৰিছে। কিন্তু সেই সকল অবৈধ নাগৰিক বুলি অভিহিত লোক অসমৰ পৰা সঁচাকৈ বিতাড়িত হ’বনে? নে ইয়ো সোৰোপা অসমীয়াক দেখুওৱা সপোন, নে ইয়াতো আকৌ আছে কিবা নুবুজা অংক। যিটো সময়ত খেতি কৰিব নোৱাৰি হাহাকাৰ কৰি থকা কৃষক ৰাইজক পথাৰত খেতি কৰিবলৈ পানী যোগান ধৰি ৰাইজক সকাহ দিব লাগিছিল সেইটো সময়ত আন দিশতহে যেন ব্যস্ত আমাৰ ৰাজন্যবৰ্গ। তেওঁলোক অৰ্থাৎ শাসকেই হওক বা বিৰোধীয়েই হওক সকলোৱে এতিয়া ব্যস্ত নিৰ্বাচনক লৈ। ভোটদাতা কৃষক ৰাইজক এই বিপদৰ সময়ত আহি কাষত থিয় দি তেওঁলোকৰ মনৰ কথাৰ বুজ ল’বলৈহে যেন কাৰো আহৰি নাই। বিৰম্বনা কেৱল সাধাৰণ জনতাৰ। তেওঁলোকৰ বৰষুণ দিলেও বিপদ বৰষুণ নিদিলেও বিপদ। আমি হেনো উন্নয়নৰ জখলাত বগাই বগাই ৰামৰাজ্য গঠনৰ দিশে আগবাঢ়িছো।
উন্নয়নৰ গংগা ইতিমধ্যে অসমত ব’বলৈ ধৰিছে হেনো। যদিও আমি বৰ্তমান আমাৰ অসমীয়াৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ পানীখিনিকে কৃষি ক্ষেত্ৰত উপযুক্তভাৱে ব্যৱহাৰ কৰি উপযুক্তভাৱে কামত খটুৱাব পৰা নাই । এনেকৈ যে কি ৰূপত উন্নয়নৰ গংগা বোৱাব অসমত, ভাবিয়েই পোৱা নাই। যিখন ৰাজ্যত এতিয়া অনাবৃষ্টি, বহু ঠাইত পথাৰত দেখা পোৱা গৈছে ধান খেতিৰ ঠাইত ছিঁৰাল ফাঁট, পানীৰ অভাৱত আৰু প্ৰখৰ ৰ’দত কঠীয়া শুকাই গৈছে, আকৌ উচ্ছেদৰ নামতে কঠীয়াৰ ওপৰেৰে চলাইছে বুলড’জাৰ। মুঠতে বানপানীতো মৰণ কৃষকৰ, খৰাঙতো মৰণ কৃষকৰ। ফলত ক্ষয়-ক্ষতিৰ সীমা নাই কৃষকৰ। খৰাঙৰ প্ৰকোপত পৰা কৃষক ৰাইজক চৰকাৰ-প্ৰশাসনে তাৎক্ষণিকভাৱে জনসিঞ্চনৰ ব্যৱস্থা কৰি দিব লাগিছিল যদিও সেয়াও সম্ভৱ হৈ উঠা নাই। চৰকাৰে সেইখিনি কৰি দিব পৰা নাই। কোনো কোনো ঠাইত জলসিঞ্চনৰ ব্যৱস্থা অৱশ্যে আছে যদিও সিও এপাচি শাকত এটা জালুকৰ লেখীয়াহে। আমি সেয়ে ক’ব বিচৰা কথাটো হ’ল উন্নয়নৰ গংগা বোওৱাৰ শ্ল’গান আওৰাই থকাতকৈ একেবাৰে তলৰ শ্ৰেণীৰ অৰ্থাৎ নিম্ন আৰু নিম্ন-মধ্য শ্ৰেণীৰ কৃষকৰ মুখত অলপ হ’লেও হাঁহি বিৰিঙি উঠাত সহায় কৰক। সময়ত কৃষি পথাৰত পানী যোগানৰ সু-ব্যৱস্থা কৰক। খৰাঙৰ পিছত অহাৰ সম্ভাৱনা থকা বানৰ কবলৰ পৰা বচোৱাৰ ব্যৱস্থা কৰক। তেতিয়াহে উন্নয়নৰ গংগা ব’ব অসমত। অসমত গংগা বোৱাবলৈ চেষ্টা কৰাতকৈ মহাবাহু ব্ৰহ্মপুত্ৰক কৃষকৰ সহযোগী কৰি বোৱাবলৈ আগবাঢ়ি আহক চৰকাৰ। তেতিয়া কৃষকে বাৰিষাৰ বৰষুণক ধিয়াই বহি থাকিবও নালাগে। কৃষকৰ কৃষি আৰু সুখৰ হাঁহি অবিহনে উন্নয়নৰ গংগা বোৱাবলৈ বৃথা চেষ্টা কৰিলে হিতে বিপৰীত হোৱাহে পৰিলক্ষিত হ’ব।
কথাবোৰ অসমৰ কৃষকৰ স্বাৰ্থত, কৃষকৰ সৈতে একেলগে মিলি সমাধান কৰিব পাৰিলেহে অসমত উন্নয়ন সম্ভৱ হ’ব। অন্যথা সকলো ফুটুকাৰ ফেন বা গালো-বালো খোলাকটিৰ তালহে হ’বগৈ। মুঠতে সকলোৱে আভুৱা-ভাঁৰিবলৈ এৰক। এটা সঁচা মন লৈ এই দুৰ্যোগৰ সময়ত কৃষক ৰাইজৰ কাষত থিয় দিয়ক, কৃষি পথাৰত যিমান পাৰি সোনকালে জলসিঞ্চনৰ ব্যৱস্থা কৰক। আৰু মাত্ৰ এটা মাহ, ইয়াৰ পিছত কিন্তু হাজাৰ চকুলো বোৱালেও কৃষকৰ মুখৰ হাঁহিটো ঘূৰাই আনিব পৰা নাযাব। উল্লেখযোগ্য যে আমাৰ ৰাজ্যখনত ৰবিশস্যই হওক অথবা খাৰিফ শস্যই হওক আটাইতকৈ গুৰুত্বপূৰ্ণ তথা প্ৰধান কৃষিয়েই হ’ল ধান খেতি। অসমৰ প্ৰায় ৩৯ লাখ হেক্টৰ কৃষিভূমিৰ ভিতৰত প্ৰায় ২৪ লাখ হেক্টৰ মাটিতেই ধান খেতি কৰা হয়। পিছে এই বৃহৎ পৰিমাণৰ কৃষি ক্ষেত্ৰখনৰ ধান খেতি আজি অনিশ্চয়তাৰ অতল গহ্বৰত সোমাই পৰিছে। ইয়াৰ মূল কাৰণেই বৰষুণৰ অভাৱ। আকৌ এই বৃহৎ সমস্যা দূৰ কৰি কৃষক ৰাইজক সকাহ দিবলৈ চৰকাৰৰ ভূমিকা একেবাৰে শূন্য বুলি ক’লেও বঢ়াই কোৱা নহ’ব। বিধানসভাত খোদ মন্ত্ৰীয়ে ঘোষণা কৰা মতেই সেই সময়লৈ অৰ্থাৎ তেওঁ ঘোষণা কৰা সময়লৈকে অসমৰ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা আছিল মাত্ৰ ১৪ শতাংশ। গতিকে এতিয়া অনাবৃষ্টিৰ ফলত কৃষক ৰাইজৰ শুকান পথাৰত জলসিঞ্চন ব্যৱস্থাৰে কৃষকৰ দুৰ্দশাৰ জোৰা মাৰিব যে নোৱাৰে সেয়া নিশ্চিত। গতিকে খৰাং অৱস্থাৰ সৃষ্টি নহওঁতেই জলসিঞ্চন ব্যৱস্থাৰ পৰ্যাপ্ত সুবিধা কৰি ৰখাৰ ব্যৱস্থা কৰা হ’লে নিশ্চয় আজি কৃষকে মূৰে-কপালে হাত দি কান্দিব লগা অৱস্থা এটা নাপালেহেঁতেন। আজি বিজ্ঞান-প্ৰযুক্তিৰ যুগত আমাৰ কৃষকে এতিয়াও ভেকুলীৰ বিয়া পাতি নেদেখাজনৰ ওচৰত বৰষুণৰ বাবে প্ৰাৰ্থনা কৰিব লগা অৱস্থা হৈছে। ইয়াতকৈ আৰু কিবা দুখৰ কথা থাকিব পাৰেন? কৃষকেও হয়তো আজি ধাৰণা কৰিব পাৰিছে যে চৰকাৰক অনুৰোধ কৰি বিফল হোৱাতকৈ ভগৱানকে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰাৰ্থনা কৰিলে হয়তো কিছু সকাহ পোৱা যাব।
বৰ্তমান আমাৰ কৃষক ৰাইজে অতি পুৰণি পদ্ধতিৰ কিছু হ’লেও বাদ দি আধুনিক পদ্ধতিৰে কৃষি কাৰ্যত মনোনিৱেশ কৰিবৰ হ’ল। নহ’লে আমাৰ মাজৰ পৰা যে এদিন আহাৰ-শাওণমহীয়া বতাহত হালি-জালি ভৱিষ্যতৰ সুখৰ বতৰা কঢ়িওৱা সেউজীয়া পথাৰখন, আঘোণৰ সোণোৱালী সোণগুটিৰে ভৰা পথাৰখনৰ কেতিয়াও দেখিবলৈ নাপাম সেয়া কিন্তু নিশ্চিন্ত। আমি পৰনিৰ্ভৰশীল হোৱাৰ মানসিকতা পৰিহাৰ কৰিব লাগিব, অদৃষ্টক ধিয়াই মূৰে-কপালে হাত দি বহি থকা বাদ দিব লাগিব। আযি যদি একে ৰাতিৰ ভিতৰতে গড় বান্ধি শতৰুক বাধা দিব পাৰো, নৰিয়া গাৰে শতৰুৰ বিৰুদ্ধে যুদ্ধ কৰি ৰণ জয় কৰিব পাৰো তেনেহ’লে আমি নিজা বল-শক্তিৰে কিয় খেতি কৰিব নোৱাৰিম। নিজকে ইমান দুৰ্বল বুলি ভবাৰ মানসিকতা পৰিহাৰ কৰিব লাগিব কৃষকে। পৰমুখাপেক্ষী মনোভাব মনৰ পৰা দলিয়াই পেলাব লাগিব। আমি ৰাজনীতিকৰ পৰা আমাৰ প্ৰাপ্য বিচাৰিব লাগিব। কিন্তু তাকে কৰিবলৈ যাওঁতে কাৰো দাসত্ব স্বীকাৰ কৰিব নালাগিব। আমাৰ জয় নিশ্চিত। আমাৰ পথাৰ নদন-বদন হ’বই।
ফোনঃ ৭৮৯৬১-৩৭২৬৪

