Breaking

ওদালগুৰিত লাখ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হৈ মুৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে

0 2,045

ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ  ৰৌতা, মেৰাবিল , গৰৈমাৰী  ঠাইৰ লগতে  জিলাখনৰ বেছিভাগ অঞ্চলত দৈনন্দিন জীৱন অতিবাহিত কৰিবলৈ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই বহিঃৰাজ্যত ব্যক্তিগত প্ৰতিষ্ঠান, শ্বপিং মল , চকীদাৰ ইত্যাদি  নানান ধৰণৰ কৰ্মত লিপ্ত থাকি নিজৰ  পৰিয়ালক পোহ পালন দি অহা বেছিভাগ যুৱক সকলে বিগত বৰ্ষত  ক’ভিড  ১৯ ৰ আতংকৰ বাবে নিজ ৰাজ্যলৈ উভতি আহে৷ যুৱক সকলে ঘৰতে থাকি স্বাৱলম্বী হোৱাৰ এক সপোন লৈ আত্মনিৰ্ভৰশীল,হোৱাৰ আশাৰে অঞ্চলটোৰ বহুতো  শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে  ৰাজ্যৰ ভিতৰতে ওদালগুৰি জিলা খনত বৰ্তমান সৰ্বাধিক উৎপাদন হবলৈ  ধৰা তৰমুজ খেতি কৰে  বহিঃৰাজ্যৰ  পৰা কষ্টেৰে সঞ্চয়  কৰি ৰখা ধন ব্যয় কৰি৷ অইন খেতয়কৰ আৰ্হিৰে তেঁওলোকেও ব্যাপক হাৰত টকা খৰছ কৰি  শ শ বিঘা মাটিত তৰমুজ খেতি লগাই উৎপাদন কৰিছে৷   কিন্তু পৰিতাপৰ বিষয় যে উৎপাদিত তৰমুজ  ক্ৰেতাৰ অভাৱত বজাৰত বিক্ৰী নোহোৱা ঘটনাই কৃষক সকলৰ কপালৰ ঘাম মাটিত পৰিছে ।   আটাইতকৈ পৰিতাপৰ বিষয়টো হল যে তেওঁলোকৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি ব্যাপক হাৰত  তৰমুজ উৎপাদন কৰিছে যদিও অৱশেষত  এতিয়া সঠিক বজাৰ নোপোৱাৰ বাবে চিন্তিত হৈ পৰিছে কৃষক সকল৷এতিয়া প্ৰতিকেজি ৩টকাত দিব লগীয়া হোৱাত কৃষক সকলে মূৰে কপালে হাত দি বহি থাকিব লগা হৈছে   উচিত মুল্য   নাপাই লোকচানৰ সন্মুখীন হৈ  চৰম হতাশা আৰু নিৰাশাত ভুগিব লগীয়া কৃষক সকলে এই ক্ষেত্ৰত নৱ নিৰ্বাচিত কৃষি  মন্ত্ৰীৰ লগতে চৰকাৰ পক্ষই দুখীয়া কৃষকক কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায়৷

Leave A Reply