কৃষি বিধেয়কৰ বিৰুদ্ধে নগাঁৱৰ কৃষ্ণাইখাতত কৃষক মুক্তিৰ প্ৰতিবাদ

নগাঁও : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে কালি সংসদত কৃষি বিধেয়ক গৃহীত কৰোৱাৰ প্ৰতিবাদত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নগাঁও বায়পাছৰ কৃষ্ণখাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মকৰ্তা আৰু সমৰ্থকে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী হাই হাই, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, কৃষক বিৰোধী এন ডি এ চৰকাৰ নিপাত যা, ওক জন বিৰোধী এন ডি এ চৰকাৰৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহক বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি ঞতোলে। প্ৰতিবাদকাৰী সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জিতেন বৰাৰ নেতৃত্বত প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ তীব্ৰ বিৰোধিতা কৰে। সমিতিয়ে এই কৃষি বিধেয়ক শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে। আনহাতে অসম জাতীয়তাবাদী যুৱ পৰিষদ, নগাঁও জজিলা সমিতিৰ সভাপতি ভৱেন বৰা আৰু ‌সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ দাসে এক বিবৃতি যোগে কৃষি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে। পৰিষদে লগতে কয় এই বিধেয়কখন কৃষকৰ স্বাৰ্থৰ পৰিপন্থি। এই বিধেয়ক খনৰ ফলত কৃষকসকল ভৱিষ্যতে বৃহৎ পুঁজিপতিৰ কৃপাৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগিব। পৰিষদে এই‌ বিধেয়ক খন তৎকালীনভাৱে বাতিল কৰিবলৈ চৰকাৰক দাবী জনাইছে।

Related Articles