৮ মে’২০২৫:- Fat Bihu। ৯ মে’ৰ পৰা ১১ মেলৈ তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ ম’হঘূলি চাপৰিত অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত “ফাটবিহু”।অসমৰ বিহু সংস্কৃতিৰ এক স্বকীয়তা ৰক্ষা কৰি অতীজৰে পৰা চলি অহা ঢকুৱাখনাৰ “ফাটবিহু” হ’ল বিভিন্ন জাতি- জনগোষ্ঠীৰ সম্প্ৰীতিৰ লোক উৎসৱ।ফাটবিহুত অংশগ্ৰহণৰ বাবে এতিয়া সাজু হৈছে ঢকুৱাখনাৰ বিভিন্ন গাঁৱৰ ডেকা-গাভৰু,পূৰ্ণ বয়স্ক পুৰুষ-মহিলা,চেমনীয়াসকল।অন্যহাতে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে “ফাটবিহু”ৰ বাকৰি ম’হঘূলি চাপৰি।১১ খন উপ সমিতিয়ে নিজৰ নিজৰ সকলো দায়িত্ব সম্পূৰ্ণ কৰি তুলিছে।

দেশ-বিদেশৰ সকলো আলহি-অতিথিক আদৰিবলৈ সাজু হৈছে ঢকুৱাখনাবাসী।প্ৰতিজন ঢকুৱাখনীয়াৰ প্ৰাণৰ উৎসৱ ফাটবিহু উদযাপনৰ বাবে সাঁজু হৈছে ৰাইজ।চাৰিকড়িয়া নৈৰ পাৰৰ ম’হঘূলি চাপৰিৰ বৰ্ণিল প্ৰাকৃতিক পৰিৱেশৰ মাজত ২০২৫ বৰ্ষৰ ফাটবিহু অহা ৯ মেৰ পৰা ১১ মে’লৈ তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব।কাইলৈ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯-০০ বজাত পতাকা উত্তোলন কৰিব ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই,ইয়াৰ পিছতেই পুৱা ১০-০০ বজাত স্মৃতি তৰ্পণ কৰিব ফাটবিহু উদযাপন সমিতি ২০২৫ বৰ্ষৰ সভাপতি নিতুল(ৰাজা)বৰুৱাই,পুৱা ১১-০০ বজাত বিহুদল সমূহক আদৰণি জনোৱা হ’ব ফাটবিহু তলীৰ মুল তোৰণৰ পৰা ম’হঘূলি চাপৰিলৈ।পুৱা ১১-৩০ বজাত বিহুৰ মঞ্চ মুকলি কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, ভোলানাথ গগৈয়ে,দুপৰীয়া ১২-০০ বজাত টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব জালভাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা জ্যেষ্ঠ কৃতী বিহুৱতী দিব্য ফুকনে, বিয়লি ২-৩০ বজাত চেমনীয়া হুঁচৰি প্ৰতিযোগিতাখনি উদ্বোধন কৰিব ঢকুৱাখনাৰ কৃতী বিহুৱা গোলাপ দাসে৷

১০ মে’ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯-৩০ বজাত কপৌফুল আৰু গছপুলি ৰোপণ কৰিব ঢকুৱাখনা মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ অতুল চন্দ্ৰ খাউণ্ডে,তাৰ পিছতেই পুৱা ১০-০০ বজাত গামোচা প্ৰতিযোগিতাখনি উদ্বোধন কৰিব বয়নশিল্পী,কিৰণ গগৈয়ে,পুৱা ১১-০০ বজাত বিহু-দলসমূহলৈ আদৰণি,দুপৰীয়া ১২-০০ বজাত পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা( সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি)খনি উদ্বোধন কৰিব
খেৰকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমন্ত পেগুৱে,বিয়লি ১-০০ বজাত ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ “বিহুৱান” খনি উন্মোচন কৰিব বিশিষ্ট কবি,সাহিত্যিক,অৱসৰী প্ৰাধ্যাপক,সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° কৰবী ডেকা হাজৰিকাই, বিয়লি ২-০০ বজাত পুনৰ পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰম্ভ হ’ব।অন্তিম দিনা অৰ্থাৎ ১১ মে’ৰ কাৰ্যসূচী অনুসৰি পুৱা ১০-০০ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব।এই শোভাযাত্ৰা উদ্বোধন কৰিবহি অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে, ইয়াৰ পিছতেই দুপৰীয়া ফাটবিহুৰ নিজা বৈশিষ্ট্যপূৰ্ণ গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হ’ব ১২-০০ বজাৰ পৰা।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দেৰশতাধিক বিহুদলে ভাগ ল’ব এই প্ৰতিযোগিতাত।প্ৰতিযোগিতাখনি উদ্বোধন কৰিব ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক,তথা বিহুৱা নিৰঞ্জন গগৈয়ে, ইফালে বিয়লি ২-০০ বজাৰ পৰা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত হ’ব মুকলি সভা।এই সভাখন উদ্বোধন কৰিব ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলেয়ে,সভাত মুখ্য অতিথিহিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, বিশিষ্ট অতিথিৰূপে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰনোজ পেগু,লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,অসম বিধান সভাৰ সচিব দুলাল পেগু,নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব অৱসৰপ্ৰাপ্ত অধ্যাপক ,দেৱৰাজ ৰয় মহাবিদ্যালয় তথা লোক সংস্কৃতি সাধক গোলাঘাটৰ দিনেশ গগৈ, আমন্ত্ৰিত অতিথিৰূপে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা,লক্ষীমপুৰ জিলাৰ আয়ুক্ত প্ৰণৱজিৎ কাকতি,লক্ষীমপুৰ জিলাৰ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা,ঢকুৱাখনা সম-জিলাৰ আয়ুক্ত কাৰ্তিক কলিতা, ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া লিন্টু বৰা,হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ মানসজ্যোতি নেওগ,আৰু অৱসৰপ্ৰাপ্ত সাংস্কৃতিক উন্নয়ন বিষয়া বিদ্যাধৰ দেউৰীয়ে। উল্লেখ্য যে মুকলি সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ লগতে জ্যেষ্ঠ কৃতী বিহুৱা-বিহুৱাতী,আৰ্দশ কৃষক আৰু প্ৰকৃতি প্ৰেমীসকলক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব বুলি জানিবলৈ দি উদযাপন সমিতি সম্পাদক হিতেশ ফুকনে তিনিওটা দিনৰ কাৰ্যসুচীত অসমবাসী ৰাইজৰ লগতে ঢকুৱাখনা বাসীৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে।