তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেতং বাবু পথাৰত আজি আবেলি প্ৰায় চাৰি বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় |দুখন বিপৰীত দিশৰ পৰা অহা বাইকৰ মূখামূখী সংঘষৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে|দুৰ্ঘটনাটোত কেটেতং নাকং পথাৰ নিৱাসী ৰাজু কলিতা নামৰ লোকজন থিতাতে নিহত হোৱা লগতে বুলি সুনিল চয় নামৰ খামন পথাৰ অঞ্চলৰ এজন যুৱক গুৰুতৰ ভাৱে আহত হয়| দুৰ্ঘটনাগ্ৰস্ত এপাচি বাইক খনৰ নম্বৰ হল এছ ২৩ জেড্ ৯৮৩২, আনখন নম্বৰ প্লেট বিহীন হিৰ স্প্ৰেপ্লেণ্ডাৰ বাইক |

