Breaking

মানকাচৰৰ দিয়াৰাত ভয়ংকৰ পথ দুৰ্ঘটনা!এম্বুলেন্সৰ অভাৱত গজাৰী কান্দি খণ্ড প্ৰাথমিক চিকিৎসালয়ত ৰুগীৰ পৰিয়ালৰ হাহাকাৰ,১৩ জন যাত্ৰী সহ বাগৰি পৰে পুখুৰীত টেম্পু

0 1,240

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত হাটশিঙিমাৰী-মানকাচৰ সংযোগী গড়কাপ্তানী পথত দিয়াৰাত আজি দিনৰ ২ বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷হাটশিঙিমাৰীৰ পৰা এখন যাত্ৰীবাহি টেম্পো মানকাচৰ অভিমুখে গৈ থকা অৱস্থাত পিছফালৰ পৰা AS-34C-0245 নাম্বাৰ এটা দ্ৰুতগতি পিকআপ গাড়ীয়ে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত ৰাস্তাৰ কাষত থকা এটা পুখুৰীত বাগৰি পৰে যাত্ৰীবাহী টেম্পো গাড়ী খন৷বোলেৰো পিকআপ খন টেম্পোত খুন্দা মৰাৰ পিছত ৰাস্তাত ৰখাই থোৱা আৰু এটা ট্ৰাকত খুন্দা মাৰাৰ ফলত পিকআপ খনৰ ক্ষতিগ্ৰস্ত হয়৷টেম্পো চালকসহ টেম্পোত থকা সকোলো যাত্ৰী গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত অৱস্থাত স্থানীয় ৰাইজে পুখুৰীৰ পৰা সকলো যাত্ৰীক উদ্ধাৰ কৰি গজাৰীকান্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে ৷

বৰ্তমানলৈকে ১৩ জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিবপৰা গৈছে।ইয়াৰ ভিতৰত ৬ জনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে
গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ যোজা চলায় যদিও এম্বুলেন্স নথকাৰ বাবে বহু সময় ৰুগীক লৈ এম্বুলেন্সৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে ৰুগীৰ পৰিয়ালৰ লোকে।এম্বুলেন্স বিচাৰি ৰুগীৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ কোনো গুৰুত্ব নাই ৷ যাৰ ফলত ক্ষোভিত হৈ পৰে ৰুগীৰ পৰিয়ালৰ লোকে অৱশ্যে ব্যক্তিগত ভাবে এম্বুলেন্স সংগ্ৰহ কৰি ইতিমধ্যে ৩ জনক গুৱাহাটীলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ খবৰ পোৱাত আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Leave A Reply