মাৰ্ঘেৰিটাৰ কেটেতঙত ভয়ংকৰ পথ দুৰ্ঘটনা : চালকৰ অৱস্থা সংকটজনক

মাৰ্ঘেৰিটা আৰক্ষীৰ  থানাৰ অন্তৰ্গত কেটেতঙত  আজি প্ৰায় ৩ঃ০০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পেঙেৰীৰ পৰা মাৰ্ঘেৰিটা অভিমূখি এখন এ আৰ ১২ এ ০৩৩৩ নম্বৰ গ্ৰেণ্ড আই টেন নি’অজ বাহনখনে পথৰ কাষত থকা এটা বিদ্যুতৰ খুটাত খুণ্ডা মৰা ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত বিদ্যুতৰ খুটাটো ভাঙি যোৱা লগতে গাড়ীখন পথৰ কাষত বাগৰি পৰে। এই দুৰ্ঘটনাত বাহনখনৰ চালকজনে গুৰুতৰ ভাৱে আঘাট পোৱাত ততালিকে লোকজনক মাৰ্ঘেৰিটাৰ অসামৰিক চিকিতসালয়লৈ প্ৰেৰণ কৰা হয়। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে বাহনখন তীব্ৰ বেগেৰে মাৰ্ঘেৰিটা অভিমূখে গৈ আছিল। বাতৰি প্ৰেৰণ কৰা সময়লৈকে লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

Related Articles