Breaking

ওড়িশাৰ বালাচোৰ জিলাত ভয়ংকৰ ৰেল দুৰ্ঘটনা। দুই যাত্ৰীবাহীৰে মালবাহী ৰে’লৰ সংঘৰ্ষ। মৃতকৰ সংখ্যা ৩০০ লৈ বৃদ্ধি। ঘটনাস্থলী পৰিদৰ্শন ৰে’ল মন্ত্ৰীৰ…

0 114

ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অন্যতম মৰ্মান্তিক দুৰ্ঘটনা বালাচোৰ ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত এতিয়ালৈকে ৩০০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৯০০ৰো অধিক লোক আহত হৈছে। আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি আত্মীয়ক গতাই দিছে মৃতদেহ। ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই সাহায্য আৰু উদ্ধাৰ কামৰ বিষয়ে তথ্য প্ৰদান কৰে…

১/ এতিয়ালৈকে ৩০০ জন লোকৰ মৃত্যু হৈছে, ৯০০ৰো অধিক লোক আহত হৈছে।
২/ দুৰ্ঘটনাৰ পিছত ৰে’লৱেৰ অধ্যক্ষজন সেই স্থানত উপস্থিত আছিল আৰু উদ্ধাৰ অভিযানৰ ওপৰত নিৰীক্ষণ কৰি আছিল।
৪/ ৰাষ্ট্ৰীয় দুৰ্যোগ উদ্ধাৰ আৰু সাহায্য বাহিনীৰ ডি জিও সেই স্থানত উপস্থিত থাকে।
৫/ উদ্ধাৰ অভিযান চলি আছে।

ৰে’ল দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ৰে’ল মন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে ওড়িশাত এদিনীয়া শোক ঘোষণা কৰিছে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বালাসৌৰত কয়, এইটো এটা অতি ডাঙৰ ঘটনা, আমাৰ প্ৰাৰ্থনা সকলো বিদায়ী আত্মাৰ সৈতে। এখন উচ্চ পৰ্যায়ৰ কমিটীও সিদ্ধান্ত লোৱা হৈছে। এই মুহূৰ্তত উদ্ধাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

এই মৰ্মান্তিক দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা লোকসকলে কয়, তেওঁলোক ৰে’লত বহি আছিল, হঠাতে এই ভয়ংকৰ দুৰ্ঘটনা ঘটে। কাৰোবাৰ হাত, কাৰোবাৰ ভৰি ছিগি গৈছে। এক শিহঁৰিত ভয়ংকৰ দুৰ্ঘটনাই জোঁকাৰি গ’ল দেশক।

Leave A Reply