Breaking

চাইবাৰ আক্ৰমণৰ আশংকা! এপ’লৰ সামগ্ৰী ব্যৱহাৰকাৰীসকলৰ বাবে চৰকাৰে জাৰি কৰিলে ‘সতৰ্কবাণী’…

0 46

ভাৰতৰ কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি গোটে (চিইআৰটি-ইন) এপ’লৰ সামগ্ৰী ব্যৱহাৰকাৰীসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰিছে। চাইবাৰ সুৰক্ষা সংস্থাটোৱে এপ’ল সামগ্ৰীৰ একাধিক দুৰ্বল দিশৰ বিষয়ে উল্লেখ কৰিছে, যিবোৰে চাইবাৰ আক্ৰমণকাৰীক লোক এজনৰ গোপনীয়তাৰ বিষয়টোত আঘাত কৰাৰ সুযোগ দিব পাৰে৷ উল্লেখ্য চিইআৰটি-ইন হৈছে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (মেটি) অধীনত কম্পিউটাৰ সুৰক্ষা ঘটনাৰ সঁহাৰি দিয়াৰ বাবে এক ৰাষ্ট্ৰীয় নোডেল সংস্থা। চাইবাৰ অপৰাধীক সুবিধা কৰিব দিব পৰা এনে দুৰ্বলতা এপ’ল টিভিঅ’এছ আৰু ঘড়ীৰ দৰে সামগ্ৰীত বিদ্যমান হৈছে। ভি৯.৪ ৰ এপল টিভিঅ’এছ সংস্কৰণ আৰু ভি১৬.৪ ৰ এপল ৱাচঅ’এছ সংস্কৰণকো ই প্ৰভাৱান্বিত কৰিব। এনে দুৰ্বলতাক চিইআৰটি-ইনৰ দ্বাৰা উচ্চ তীব্ৰতা হিচাপে চিহ্নিত কৰা হৈছে৷

পৰামৰ্শত চিইআৰটি-ইনে কয় যে এপলম’বাইলফাইলেণ্ট্ৰিটি, পডকাষ্ট, টিচিচি, ফাইণ্ড মাই, চৰ্টকাট আৰু ৱেবকিটৰ ত্ৰুটিৰ বাবে এনে দুৰ্বলতা বিদ্যমান হৈছে; কোৰ ব্লুটুথ আৰু ইমেজল’তো চাইবাৰ অপৰাধীক সুবিধা কৰি দিব পৰা সুৰুঙা আছে৷ কোৰকেপচাৰ, ফণ্টপাৰ্চাৰ আৰু ইমেজল’ত অনুপযুক্ত মেমৰি ; ফাউণ্ডেচনত দুৰ্বল কোড কাৰ্যকৰীকৰণ আদিৰ বাবেও বিপদৰ আশংকা আছে৷ ইপিনে এপলে ইতিমধ্যে ইয়াৰ বাবে এটা ছফ্টৱেৰ আপডেট মুকলি কৰিছে। ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ডিভাইচটো ৱাচঅ’এছ ভি৯.৪ আৰু এপলটিভিঅ’এছ ভি১৬.৪ লৈ আপডেট কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

Leave A Reply