জামুগুৰিহাটত গণ সংক্ৰমণৰ আশংকা : ক’ভিড আক্ৰান্তই ঘুৰি ফুৰিছিল বজাৰ সমাৰ কৰি ।

জামুগুৰিহাট : জামুগুৰিহাটত মাৰাত্মক ভাইৰাছ ক’ভিড-১৯ৰ গণ সংক্ৰমণৰ আশংকা ঘনীভূত হৈছে। মাৰাত্মক ভাইৰাছ বিধৰ দ্বাৰা শেহতীয়াকৈ আক্ৰান্ত হোৱা জামুগুৰিহাটৰ এজন যুৱকে অঞ্চলটোৰ বিভিন্ন স্থানত বজাৰ সমাৰ কৰি ঘুৰি ফুৰাৰ পৰিপ্ৰেক্ষিততে এই আশংকা ঘণীভূত হৈছে। উল্লেখ্য যে, তেজপুৰ মেডিকেল কলেজ হাস্পতালত ৱাৰ্ড বয় ৰূপে কৰ্মৰত জামুগুৰিহাটৰ ১ নং মাজগাঁৱৰ নিপুল দাস নামৰ যুৱক জন ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছতেই নিপুলৰ ওপজা ঠাই জামুগুৰিহাটত এনে ভীতি বিহ্বলতাৰ সৃষ্টি হৈছে। কিয়নো নিপুল দাস প্ৰতিদিনেই নিজ গৃহৰপৰা মটৰ চাইকেলেৰে নিতৌ অহা যোৱা কৰে কৰ্মস্থলী তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ৷ উভতি আহি জামুগুৰিহাটতে প্ৰায়ে বজাৰ সমাৰো কৰি নিজ গৃহলৈ যায় নিপুল দাস৷ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ ফলাফল লাভ কৰাৰ প্ৰাক মুহূৰ্তলৈকে বজাৰ সমাৰো কৰিছিল যুৱকজনে। পৰিয়ালৰ লগতে বিভিন্নজনৰ সংস্পৰ্শলৈ অহা নিপুলক লৈ এতিয়া জামুগুৰিহাটত স্বাস্থ্যবিভাগৰ মাজত সৃষ্টি হৈছে  হাহাকাৰ পৰিস্থিতিৰ৷ ইতিমধ্যে তৎপৰতাৰে অনুসন্ধান আৰম্ভ কৰিছে স্বাস্থ্যবিভাগে আৰু ক’ভিড-১৯ত আক্ৰান্ত যুৱক জনৰ সংস্পৰ্শলৈ অহা কেইবাটাও এলেকা শোণিতপুৰ জিলা প্ৰশাসনে ছীল কৰিছে। স্মৰ্তব্য যে, তেজপুৰ মেডিকেল কলেজ হাস্পতালত ৱাৰ্ড বয় ৰূপে কৰ্মৰত জামুগুৰিহাটৰ নিপুল দাস ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ লগে লগেই নিপুলৰ নিজা গাঁও জামুগুৰিহাটৰ ১নং মাজগাঁও আৰু শহুৰেকৰ গাঁও লুকুৰাচুক (হাটবৰ)ক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে৷ দৈনিক ঘৰৰ পৰা তেজপুৰলৈ অহা যোৱা কৰা নিপুল নিজা ঘৰৰ লগতে হাটবৰত থকা শহুৰেকৰ ঘৰতো প্ৰায়ে থকামেলা কৰিছিল৷ কেৱল এইয়াই নহয়, বৰঞ্চ  নিপুলে মিঠাই ক্ৰয় কৰা জামুগুৰিহাটৰ নগৰৰ মাজমজিয়াত থকা মিঠাইৰ দোকান ‘চুইট হাউছ’ৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা গেলামালৰ দোকান আৰু চুলি দাড়ি কটা চেলুনকে ধৰে কেবাখনো দোকানো ছীল কৰিছে প্ৰশাসনে৷ ইতিমধ্যে সমগ্ৰ অঞ্চল দুটা প্ৰশাসনে অসংক্ৰাম্যকৰণৰ কৰাৰ লগতে ক’ভিড-১৯ত আক্ৰান্ত হোৱা যুৱকজনৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা ৩৫ গৰাকী লোকক বৰ্তমানলৈকে চিনাক্ত কৰি ছোৱাব সংগ্ৰহৰ ব্যৱস্থা কৰিছে স্বাস্থ্যবিভাগে৷ উল্লেখ্য যে, নিপুল দাসকে ধৰি ইতিমধ্যে জামুগুৰিহাটত ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে। মনকৰিবলগীয়া যে নিপুল দাসৰ এটি আঢ়ৈ বছৰীয়া কন্যা সন্তানো আছে আৰু কন্যা সন্তানটিও ক’ভিড আক্ৰান্ত পিতৃৰ সংস্পৰ্শলৈ আহিছিল৷

Related Articles