Breaking

দেশত পুনৰ ‘নিপা’ ভাইৰাছৰ আতংক ! নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনকৈ লোকৰ মৃত্যু…

0 69

দেশত পুনৰ ‘নিপা’ ভাইৰাছৰ আতংক। নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনকৈ লোকৰ মৃত্যু। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই নিশ্চিত কৰিছে এই তথ্য। কোঝিকোড জিলাত মৃত্যুমুখত পৰিছে দুই আক্ৰান্ত।

এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই। উল্লেখ্য যে, সোমবাৰৰ দিনটোত উক্ত ব্যক্তি দুজনে অস্বাভাৱিকভাবে মৃত্যুক আঁকোৱালি লোৱাত জিলাব্যাপী স্বাস্থ্য সতৰ্কতা জাৰি কৰিছিল।

এই সতৰ্কতা জাৰি কৰাৰ কেইঘণ্টামান পিছতে স্বাস্থ্য বিভাগে প্ৰদান কৰা নিশ্চিতি অনুসৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে “নিপাহ” ভাইৰাছৰ বাবে মৃত্যু হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰে।

Leave A Reply