সমগ্ৰ শিক্ষা অভিযানৰ দৰং জিলাৰ উদ্যোগত কালি (২০ ফ্ৰেব্ৰুৱাৰী) সৈনিক ভৱন প্ৰেক্ষাগৃহত জিলাখনৰ ১২৬ খন শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দৰং জিলাৰ সমগ্ৰ শিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া চিত্তৰঞ্জন কলিতাই উদ্দেশ্য বাখ্যা কৰা সভাখন সঞ্চালনা কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া ড: জোৱাহিৰা তব্বাচুমে। জিলা আঁচনি বিষয়া গোবিন্দ শইকীয়াই আঁত ধৰা সভাখনত বক্তব্য প্ৰদান কৰে দলগাঁও শিক্ষা খণ্ডৰ প্ৰথমিক শিক্ষা বিষয়া সিতেশ্বৰ নাথ,কলাইগাঁও শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া সমৰেন্দ্ৰ চহৰীয়া,ছিপাঝাৰ শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া গীতা দেৱী আৰু ছিপাঝাৰ শিক্ষা খণ্ডৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক লক্ষ্যধৰ শৰ্মাই। চাৰি নম্বৰ বৰুৱাঝাৰ দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য চফিকুল ইছলামে গীত পৰিবেশন কৰা সভাখনত দলগাঁও, কলাইগাঁও আৰু ছিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ক্ৰমে চাকিয়ে কেচৰ,ৰাণা শংকৰ ভূঞা আৰু নগেন ডেকাই বক্তব্য ৰাখে। তিনি শতাধিক পৰিচালনা সমিতিৰ সভাপতি,উপ-সভাপতি,সদস্য,শিক্ষক , মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলৰ উপস্থিতিত অনুস্থিত গাম্ভীৰ্য পূৰ্ণ সভাখনত জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলে মণ্ডল সমল কেন্দ্ৰ ভিত্তিত বাচনি কৰা শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি সমূহক এখন ফুলাম গামোচা, ট্ৰফী আৰু মানপ্ৰত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে । জিলা খনৰ ছিপাঝাৰ শিক্ষা খণ্ডৰ ৪৩ খন,কলাইগাঁও শিক্ষা খণ্ডৰ ৩৫খন আৰু দলগাঁও শিক্ষাখণ্ডৰ ৪৮খন বিদ্যালয়ৰ পৰিচালনা সমিতিক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি হিচাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত সমগ্ৰ শিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া হেমপ্ৰভা ডেকা ,ধনজিত ৰাজবংশী, দিব্যপদ নাথে অংশগ্ৰহণ কৰে। মণ্ডল কেন্দ্ৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকা, মাইনু ডেকা,গীতিমা হাজৰিকা,জুমিয়াৰা বেগম,প্ৰশান্ত কোচ, প্ৰণৱ কুমাৰ নাথ, খণ্ড গাণণিক দীপক কুমাৰ ডেকা,নজৰুল ইচলাম,চুবল সাহা , খণ্ড সমল ব্যক্তি দীপক কলিতা আদিয়ে অনুষ্ঠানত বিশেষ সহযোগিতা আগবঢ়ায়। দৰং জিলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত উক্ত স্বীকৃতিয়ে বিদ্যালয় পৰিচালনা সমিতি সমূহক অধিক উৎসাহেৰে কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি বিজ্ঞমহলত আলোচিত হৈছে।

