জিলাৰ বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন কৃতী ছাত্ৰী প্ৰভজিৎ কৌৰে মহিলা আৰক্ষী উপপৰিদৰ্শক পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷ কৌৰে মহিলা আৰক্ষী উপপৰিদৰ্শকৰ ২০২০-২১ বৰ্ষৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ এই নিযুক্তি লাভ কৰি সমগ্ৰ বৰকলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে,প্ৰভজিৎ কৌৰ বৰকলা অঞ্চলৰ প্ৰথমগৰাকী মহিলা আৰক্ষী উপপৰিদৰ্শক ৷ ১৬ ফেব্ৰুৱাৰীত বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা কৌৰক সম্বৰ্ধনা জনোবা হয় ৷