Breaking

ধিং শাখা কবি সন্মিলনৰ কৃতী শিক্ষাৰ্থীলৈ সম্বৰ্ধনা আৰু কবিমেল…

0 41

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ সক্ৰিয় শাখা ধিং আঞ্চলিক শাখা কবি সন্মিলনৰ উদ্যোগত ৯ জুনত এক সম্বৰ্ধনা অনুষ্ঠান আৰু মাহেকীয়া কবিমেল অনুষ্ঠান সম্পন্ন হয়। ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি কৰৱী শইকীয়াৰ বৰগীত পৰিবেশনেৰে শুভাৰম্ভণি ঘটা অনুষ্ঠানত উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই সম্পাদক পল্লৱী শৰ্মাই। ইয়াৰ পাছতেই নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত ধিং অঞ্চললৈ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমীয়া বিষয়ত অঞ্চলটোৰ ভিতৰতে সৰ্বোচ্চ নম্বৰপ্ৰাপক দুগৰাকী ছাত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত ৯১ নম্বৰ প্ৰাপক, ধিং কে.বি মহাবিদ্যালয়ৰ ছাত্ৰী মানসী শইকীয়া আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত ৯৪ নম্বৰ প্ৰাপক, খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰী কৃষ্টি নাথক অনুষ্ঠানত সন্মানপত্ৰ আৰু মানবস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

লগতে নাৰী কল্যাণ পৰিষদৰ তৰফৰ পৰা ইনপাইৰিং মাদাৰ এৱাৰ্ড সন্মান অনামিকা ভঁৰালীলৈ আগবঢ়োৱা হয়। ইয়াৰ পাছতেই অনুষ্ঠিত কবিমেলত প্ৰায় ত্ৰিশ গৰাকী কবিৰ কবিতা পাঠৰ লগতে দীপা বৰাই গীত পৰিবেশন কৰে। উল্লেখযোগ্য যে অনুষ্ঠানত ধিং আঞ্চলিক কবি সন্মিলনৰ বিষয়ববীয়া সকলৰ লগতে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, বিপুল বৰা, প্ৰদীপ কুমাৰ দে চৰকাৰ, বোধেন নাথকে প্ৰমূখ্য কৰি ভালেকেইজন গণ্য-মান্য লোক উপস্থিত থাকে। শেষত কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি ঘটে।

Leave A Reply