তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পতনিস্থিত ডা° সম্ভুৰাম মেধি কমপ্লেক্স চন্দ্ৰমা সভাগৃহত ৰবিবাৰে অসমৰ সংবাদজগতৰ এক চিনাকী নাম “দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ ১৪ বছৰীয়া গৌৰৱ উজ্জ্বল যাত্ৰাৰ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন কৰা হ’য়। সেই অনুসৰি শংকৰ দাসৰ সভাপতিত্বত সম্বৰ্ধনা সভা অনুষ্ঠিত হ’য়।সভাৰ আঁত ধৰে যুৱ সাংবাদিক অনামিকা কলিতাই। সভাৰ আৰম্ভণিতেই এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে শিশু কণ্ঠশিল্পী প্ৰাচুৰ্য দাসে।

সভাত বৃহত্তৰ হাজো অঞ্চলত সামাজিক, সাংস্কৃতিক, প্ৰশাষনিক দিশত নিজ কৰ্তব্যৰে পাৰদৰ্শিকতা দেখুওৱা ৬ গৰাকীকৈ ব্যক্তিক ফুলাম গামোছা,গ্ৰন্থ,কাকত আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান প্ৰদান কৰা হ’য়।হাজো আৰক্ষী থানাৰ পৰিদৰ্শক বিষয়া নৱজিৎ নাথ,চন্দ্ৰমা ৰেষ্টুৰেণ্টৰ স্বত্বধিকাৰী মনোৰঞ্জন মেধি,হাজো মৰ্ডাণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি বনমালী কলিতা, নাট্য শিল্পী কিচিন দাস, কণ্ঠশিল্পী সোনাৰাম দাস, যুৱ ব্যৱসায়ী মোস্তাক হুছেইনক সম্বৰ্ধনা জনোৱা হয়।

আজিৰ সভাত ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড° পংকজ নমশূদ্ৰ,গৱেষনাৰ ছাত্ৰ হিমাংশু শৰ্মা, সমাজ সেৱক আমানুৰ ৰহমান (ৰিপন), মহিম কুমাৰ, বিবেকানন্দ দাস, অধিবক্তা হিতেশ চন্দ্ৰ দাস, যুৱ কবি কমল কলিতাকে আদি কৰি প্ৰায় সংখ্যক লোক উপস্থিত থাকে।

Related Articles