Breaking

কুমাৰীকাটা ৰাইজিং ষ্টাৰচ্ একাডেমীত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

0 1,148

প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এশ শতাংশই সুখ্যাতিৰে উজলিল কুমাৰীকাটাৰ ৰাইজিং ষ্টাৰচ্ একাডেমী। আজি বিদ্যালয়খনত শলাগৰ বিশেষ অনুষ্ঠান নামৰ এখন সভা অনুষ্ঠিত কৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। দিনৰ এক বজাৰ পৰা ৰাইজিং ষ্টাৰচ্ একাডেমীৰ সঞ্চালক মইনুল হক চৌধুৰী সভাপতিত্ব অনুষ্ঠিত সম্বৰ্ধনা সভাত দহ গৰাকী কৃতি ছাত্ৰ- ছাত্ৰীক ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়।

এই সম্বৰ্ধনা সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে তামুলপুৰৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাস, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ২৬ নং দৰঙাজুলী বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী, কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ বায়ন, ইউপিপিএল কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মুজিব আলী আহমেদ, কুমাৰীকাটা ছোৱালী স্কুলৰ প্ৰধান শিক্ষক বুদ্ধ ছেত্ৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply