সদৌ তামুলপুৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান

তামুলপুৰ জিলাৰ ঐতিহ্যমণ্ডিত নাগ্ৰীজুলি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত দেওবাৰে সদৌ তামুলপুৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাই কৃতী ছাত্র-ছাত্ৰীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। বিগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ ও বন্তি প্ৰজ্বলন, বৃক্ষৰোপন আদিৰ পিছতেই দুপৰীয়া ১২-৩০ বজাৰ পৰা সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

সদৌ তামুলপুৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি শংকৰ সূত্ৰধৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখন পৰিচালনা কৰে তামুলপুৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ সম্পাদক ৰাহুল সূত্ৰধৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰে কয়, “আমাৰ আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ ভৱিষ্যত। ছাত্ৰ ছাত্ৰী সকলে প্ৰকৃত পক্ষত জ্ঞান আহৰণৰ বাবে অধ্যয়নশীল হ’ব লাগে। জীৱনত সফলতাৰ পথ প্ৰশস্ত কৰিবলৈ ছাত্ৰ জীৱনৰ অধ্যয়নে হৈছে একমাত্ৰ আহিলা। এই ক্ষেত্ৰত আমাৰ সূত্ৰধৰ জনগোষ্ঠীৰ বহু ছাত্ৰ ছাত্ৰী পিছ পৰি আছে যদিও বৰ্তমান কিছু কিছু ক্ষেত্ৰত আগৰণুৱা ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে”।

ইয়াৰ মাজতেই তেওঁ সূত্ৰধৰ জনগোষ্ঠীৰ বিভিন্ন স্তৰৰ সমস্যাৰ কথা উল্লেখ কৰি অতিশীঘ্ৰে এই সমস্যা সমূহ সমাধান কৰাৰ লগতে সূত্ৰধৰ জনগোষ্ঠীৰ উন্নয়নৰ হকে চৰকাৰৰ লগত আলোচনা কৰাৰ কথা দোহাৰি বিটিচিত প্ৰমোদ বড়োই সূত্ৰধৰ সকলক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা কাৰো ৰাজনৈতিক মোহৰ নহয় বুলি উল্লেখ কৰে।

ইয়াৰ পিছতেই তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি ডুলুজিৎ দাসে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কয় – ছাত্ৰ ছাত্ৰী সকলে নিতৌ বাতৰি কাকত পঢ়াৰ অভ্যাস গঢ় দিব লাগে। অসমীয়া বাতৰি কাকতৰ সমান্তৰালভাৱে দুই এখন ইংৰাজী বাতৰি কাকত পঢ়িও ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনাই তেওঁ পুনৰ কয়, কেবল মাত্ৰ চৰকাৰী চাকৰিৰ বাবে নপঢ়ি প্ৰকৃত মানৱ সম্পদ হিচাপে নিজকে গঢ় দিয়াৰ লগতে প্ৰকৃত জ্ঞানৰ অধিকাৰী হ’বলৈ যত্নপৰ হ’ব লাগে।

বিভিন্ন মহান আৰু সফল ব্যক্তিৰ জীৱনী পঢ়ি তেওঁলোকৰ জীৱনৰ কষ্টকৰ বাট বুলি সফলতা বুটলিবলৈ সক্ষম হোৱা জীৱন কাহিনীৰ পৰা ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনৰ পথ প্ৰশস্ত কৰিবলৈ সুবিধা হ’ব। এইক্ষেত্ৰত তেওঁ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ জীৱন কাহিনী সামৰি বক্তব্য আগবঢ়ায়।

সভাত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উপদেষ্টা নিপেন সূত্ৰধৰ, সাংগঠনিক সম্পাদক বুদ্ধদেৱ সূত্ৰধৰ, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃত্যুঞ্জয় হালৈ সহ কেইবাগৰাকীও ছাত্ৰ নেতাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি উদগনিমূলক ভাষণ প্ৰদান কৰে।

উক্ত অনুষ্ঠানটোত বিগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ সূত্ৰধৰ জনগোষ্ঠীৰ ১৩ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

এই দিনযোৰা কাৰ্যসূচীত তামুলপুৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ উপ সভাপতি নৰেন সূত্ৰধৰ, সাংগঠনিক সম্পাদক অনিল সূত্ৰধৰ, শিক্ষা সম্পাদক কমল সূত্ৰধৰসহ কেইবাগৰাকীও ছাত্ৰ নেতা উপস্থিত থাকে।

Related Articles