বিশ্বনাথৰ বালিজানত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা অনুষ্ঠান ৷ বিশ্বনাথৰ চেঙামাৰী শাখা সাহিত্য সভাই কৃতি ছাত্ৰ -ছাত্ৰীসকলক অধ্যয়নৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ মানসেৰে এক সম্বৰ্ধনা সভাৰ আয়োজন কৰে। শৈলেন শইকীয়াৰ সভাপতিত্বত হোৱা সভাখন উদ্বোধন কৰে চেঙামাৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মুহিম হাটিবৰুৱাই। নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি বক্তব্য ৰাখে শিক্ষক কবি ললিত নাথে। গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ ফুলাম গামোচা এখন মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
সভাত শিক্ষক সমাজ সেৱক অৰুন বৰদলৈ, ভাৰত দাস, ভৰত কলিতা, জিতেন পাতৰ, হৰেন পাতৰ, বকুল সুত, বিদুৎ বড়ো, প্ৰান নাথ পাতৰ, উপদেষ্টা দিলীপ গোস্বামী, অৱসৰ প্ৰাপ্ত শিক্ষক সমাজ সেৱক অৱনী বৰুৱাৰ লগতে সাহিত্য সভাৰ আজীৱন সদস্য সদস্যা, শাখা সাহিত্য সভাৰ সদস্য- সদস্যা , ছাত্ৰ -ছাত্ৰী সকলৰ উপৰিও অভিভাৱক সকল উপস্থিত থাকে। সভাখন পৰিচালনা কৰে শাখা সাহিত্য সভাৰ সম্পাদক বিশ্বজিৎ সুতে।

