Breaking

অসম যুৱ অলিম্পিকত মৰিয়নীৰ নাম উজ্জ্বলাই অনা পদকপ্ৰাপ্ত খেলুৱৈক “আছু”ৰ সম্বৰ্ধনা…

0 1,597

২৩ জুলাইৰ পৰা ২৭ জুলাইলৈকে গুৱাহাটীৰ সৰুহোজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিকত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি স্বৰ্ণ,ৰূপ, ব্ৰঞ্জ পদক জয় কৰি মৰিয়নীলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈক সম্বৰ্ধনা জনাই মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাই৷ মৰিয়নী মহাবিদ্যালয়ত মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত যোৰহাট জিলাৰ হৈ প্ৰতিনিধিত্ব আগবঢ়োৱা মৰিয়নী মাৰ্টিলআৰ্ট এচচিএচনৰ ৰিম্পী বৰা , শ্বেতা হাজৰিকা,, আৰু পঞ্চিমীতা বৰদলৈয়ে গল্ড,,ৰূপ, আৰু ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে লগতে মৰিয়নী এথলেথিক এছচিচনৰ খেলুৱৈ ধৰ্মেশ্বৰ গঞ্জুয়ে ১৫০০ মিটাৰত ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। যোৰহাট জিলাৰ হৈ প্ৰতিনিধিত্ব আগবঢ়োৱা ভলীবল দলটিয়ে চূড়ান্ত খেলত বিজয়ী খিতাপ অৰ্জন কৰে আৰু জিলাৰ হৈ প্ৰতিনিধিত্ব আগবঢ়োৱা নেটবল দলটিৰ খেলুৱৈ সকলক সন্মান জনায়।

সম্বৰ্ধনা অনুষ্ঠানটিত মৰিয়্নী মহাবিদ্যালয়ৰ অধক্ষ্য ড’ হৰেণ গুৱালা ,মৰিয়্নী জাতীয় বিদ্যাপীঠৰ অধক্ষ্য ৰঞ্জিত গোসাঁইবৰুৱা, মৰিয়নী মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ:অধক্ষ্য প্ৰিতম বৰা,অসম অলিম্পিকৰ সন্থাৰ সদস্য পিকলু ৰয়,যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক দীপেন দাস, মৰিয়্নীৰ সমাজকৰ্মী নেকিবুল ইছলাম,সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পবিত্ৰ বৰঠাকুৰ,বীৰ লাচিত সেনা মৰিয়্নী আঞ্চলিক সমিতিৰ সভাপতি পঙ্কজ গোসাঁই ,ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ সকলো বিষয়বৱীয়া উপস্থিত থাকে৷

মৰিয়নী কৃষ্ণ শৰ্মাৰ প্ৰতিবেদন

Leave A Reply