Breaking

আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সম্বৰ্ধনা…

0 1,069

আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে ১৩মে’ত ডিব্ৰুগড় জিলা লাহোৱাল সমষ্টিৰ প্ৰায় ৭৫ জন সমাজকৰ্মী ব্যক্তি, শিল্পী আৰু লেখকক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সম্বৰ্ধনা জনায়। বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচা, গছপুলি, আৰু সফুঁৰাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানতেই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অসহায় ৫০জন ব্যক্তিক দহ হাজাৰ টকাকৈ চেক প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ বানীপুৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত লাহোৱাল সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ পৰা অহাৰ প্ৰায় পাঁচ শতাধিক বিজেপিৰ কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হয়।সাংসদ গৰাকীয়ে ইতিমধ্যে ডিগবৈ, দুলিয়াজান আৰু লাহোৱাল সমষ্টিত এই সম্বৰ্ধনা জ্ঞাপন কৰিছে ।পৰবৰ্তী সময়ত বাকী কেইটা  সমষ্টিত সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি জানিব দিয়ে।

Leave A Reply