মৰিগাঁও মহাবিদ্যালয়ত লাহৰীঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ফাইজুৰ ৰহমানক সমাজ সেৱকৰ সম্ভৰ্দ্ধনা

যোৱা ২৪ অক্টোবৰত  তক্ষশীলা সামাজিক সাংস্কৃতিক পৰিষদৰ উদ্যোগত উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ, মৰিগাঁও জিলা সমিতিৰ সহযোগত  মৰিগাঁও মহাবিদ্যালয়ত শাৰদীয় কবিতাৰ মৌ-মেল নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত  সমাজলৈ বিভিন্ন দিশত সেৱা আগবঢ়োৱা মুঠ ২১ জন ব্যক্তিক  সম্ভৰ্দ্ধনা জনোৱা হয় ৷  উক্ত অনুষ্ঠানতে মৰিগাঁও জিলাৰ লাহৰীঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক  সদস্য ফাইজুৰ ৰহমানকো বিশিষ্ট সমাজ সেৱক হিচাপে   এখন ফুলাম গমোচা, জাপি আৰু প্ৰখস্থী পত্ৰৰে সম্ভৰ্দ্ধনা  জনোৱা হয় ৷উক্ত গাম্ভীৰ্য্য পূৰ্ণ  অনুষ্ঠানত আয়োজক সমিতিৰ বিষয়ববীয়া সকলৰ লগতে উপস্থিত থাকে  মৰিগাঁও জিলা বন বিষয়া দেৱব্ৰত গগৈ, কবি নীল কমল বৰা, কবি ত্ৰীদিপ লস্কৰ,  ৰহস্য আলোচনীৰ সম্পাদক ড° বাবু ৰাভা , ড° কবি জয় বৰা , মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ও শিক্ষাবিদ ড° লীলা বৰঠাকুৰ ,মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ও প্ৰাক্তন জিলা সাংবাদিক সন্থাৰ সভাপতি  প্ৰতাপ হাজৰিকা  , মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ও বৰ অসম কাকতৰ সম্পাদক বিৰিনচি কুমাৰ বৰুৱা, ও বহু কবি বিশিষ্ট লেখক ও সমাজ সেৱক সকলকে আদি কৰি বহু গন্য মান্য ব্যক্তি সকলৰ উপস্থিত থাকে ৷ খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

Related Articles