পশ্চিম নলবাৰী শিক্ষাখণ্ডত কৰ্মচাৰী আৰু কৃতী পৰীক্ষাৰ্থীক সম্বৰ্ধনা

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডত এখন ৰাজহুৱা সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় ৷ পশ্চিম নলবাৰীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সংলগ্ন ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ত আজি দিনৰ এক বজাত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে জাগাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজকৰ্মী কমলাকান্ত ডেকাই ৷ উক্ত সভাত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা প্ৰাক্তন ছাত্ৰনেতা তপন কুমাৰ শৰ্মা মুখ্য অতিথি আৰু পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্য নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৷ উক্ত সম্বৰ্ধনা সভাখনত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল সমলকেন্দ্ৰ সমন্বয়ক তথা ভাৰপ্ৰাপ্ত বি.আৰ.পি. অমল ডেকা আৰু প্ৰাথমিক শিক্ষাখণ্ডটোৰ গাণনিক হেমন্ত বৰ্মনক নিজ নিজ কৰ্মক্ষেত্ৰত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ কৰ্মচাৰীৰ বঁটা প্ৰদান কৰা হয় ৷ দুয়োগৰাকী পুৰস্কাৰপ্ৰাপ্ত কৰ্মচাৰীকে প্ৰশস্তিপত্ৰ, ফুলাম গামোচা, ফুলাম জাপি আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন  কৰা হয় ৷ তদুপৰি, সদ্য ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা তিনি কৃতী ছাত্ৰ-ছাত্ৰী ক্ৰমে ৰিকি ৰাকেশ দাস, সিদ্ধাৰ্থ নন্দন আৰু জ্যোতিস্মিতা ডেকাক ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানৰ আঁত ধৰে মণ্ডল সমলকেন্দ্ৰ সমন্বয়ক জয়ন্ত ডেকাই ৷

Related Articles