হাইদৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় সাঁতোৰ অপেন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ যোৱা চাৰি সন্তৰণ বিদৰ সূত্ৰধাৰ সাঁতোৰ সন্থাৰ সম্বৰ্ধনা জ্ঞাপন

হাইদৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় সাঁতোৰ অপেন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ যোৱা চাৰি সন্তৰণ বিদৰ সূত্ৰধাৰ সাঁতোৰ সন্থাৰ সম্বৰ্ধনা জ্ঞাপন। ঐতিহাসিক আটাল পুখুৰী পাৰত সুত্ৰধাৰ সাঁতোৰ সন্থাৰ এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। পুল পৰিচালনা সমিতিৰ সভাপতি মিলন বৰপাত্ৰগোঁহাইৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাৰ আত ধৰা লগতে উদ্দেশ্য ব্যাখ্যা কৰে পৰিচালনা সমিতিৰ সম্পাদক বিজয় গগৈয়ে। ঐতিহাসিক আটাল বৰুৱা পুখুৰীত প্ৰশিক্ষক কৃষ্ণ বড়াৰ তত্বাৱধানত সাঁতোৰ প্ৰশিক্ষণ গ্ৰহন কৰি চৰাইদেউ জিলাক প্ৰতিনিধিত্ব কৰি সাপেখাতীৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সমগ্ৰ চৰাইদেউ জিলা খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে হাইদৰাবাদত ২০ ডিচেম্বৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় অপেন চেম্পিয়ন চিপ ২০২২ ভাগ ল’বলৈ ৰাওনা হ’ব অসম দলৰ প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱা প্ৰশিক্ষক কৃষ্ণ বড়া সহিতে খেলুৱৈ ৰঞ্জন ভুঞা, দিব্যজ্যোতি বড়া, পলাশী দাস আৰু প্ৰশিক্ষক বাবুল গুৰুং ৰ তত্বাৱধানত দিশা গগৈ।

চৰাইদেউ জিলা সাঁতোৰ সন্থাক প্ৰতিনিধিত্ব কৰি হাইড্ৰবাদত হ’ব লগীয়া OPEN NATIONAL CHAMPIONCHIP -২০২২ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱা চাৰিও গৰাকী খেলুৱৈক অভিনন্দন জনায় বক্তব্য প্ৰদান কৰে সুত্ৰধাৰ সাঁতোৰ সন্থাৰ প্ৰতিষ্ঠাপক অৰুণ গগৈ দেৱে।উক্ত অনুষ্ঠানত উপস্থিত আছিল সূত্ৰধাৰ সাঁতোৰ সন্থাৰ বিষয় ববীয়া ক্ৰমে লোহিত নেওগ, শিক্ষয়িত্ৰী শিখা গগৈ দত্ত, চন্দন চাংমাই, সমাজকৰ্মী বিপুল ভুঞা, শিক্ষয়িত্ৰী হীৰা দৈমাৰী দাসৰ লগতে ভালেকেইগৰাকী অভিভাৱক অভিভাৱকা উপস্থিত আছিল। উল্লেখযোগ্য যে চৰাইদেউ সূত্ৰধাৰ সাঁতোৰ সন্থাৰ উদ্যোগত ২০০৯ চনৰ পৰাই ঐতিহাসিক আটাল পুখুৰীত সাঁতোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বহু কেইজন সন্তৰণ বিদে ধাৰাবাহিক ভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে।

Related Articles