প্ৰবীন সাংবাদিক, সমাজকৰ্মীক সম্বৰ্ধনা পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ

নলবাৰী জিলাৰ প্ৰবীন সাংবাদিক, সাহিত্যিক, অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক ,পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি  বেলশৰ নিৱাসী যাদৱসেন ডেকা আৰু বিশিষ্ট সমাজকৰ্মী, আৰু  পবিত্ৰ কুমাৰ ডেকাক পশ্চিম নলবাৰী প্ৰেছ ক্লাৱে দুয়ো গৰাকীক তেওঁলোকৰ নিজ ঘৰলৈ গৈ সম্বৰ্ধনা জনায় ৷ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা ৰমনী বৰ্মন , সভাপতি গনেশ বৰ্মন, কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, উপ সভাপতি দ্বীপেন মেনা, সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন, পত্ৰিকা সম্পাদক বিনয় শৰ্মাই৷ পৰহি ২৮জুলাইৰ আবেলি প্ৰথমে প্ৰবীন সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ যাদৱসেন ডেকা (৮০)ৰ ঘৰলৈ গৈ তেওঁৰ স্বাস্হ্যৰ বুজ লয় আৰু  ফুলাম গামোছা আৰু ফুলাম জাপিৰে ডেকাক সম্বৰ্দ্ধনা জনাই ৷ ইয়াৰ পাছতে প্ৰেছ ক্লাৱৰ প্ৰতিনিধিৰ দলটোৱে বিশিষ্ট সমাজকৰ্মী পবিত্ৰ ডেকাৰ বনগাওঁৰ ঘৰলৈ যায় ৷ ডেকাক ঘৰতে প্ৰেছ ক্লাৱৰ তৰফৰ পৰাও ফুলাম গামোছা আৰু  ফুলাম জাপিৰে সম্বৰ্ধনা জনোৱা হয় ৷

Related Articles