Breaking

দক্ষিণ মান্দাকাটা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন

0 1,558

কামৰূপ জিলাৰ অন্যতম সামাজিক সংস্থা দক্ষিন মান্দাকাটা উন্নয়ন পৰিষদৰ উদ্যোগত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়৷৫৭ নং মান্দাকাটা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত উন্নয়ন সমিতিৰ স্থায়ী সভাপতি জহুৰুদ্দিন আলীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বৃহত্তৰ মান্দাকাটা অঞ্চলৰ কেইবাগৰাকীও কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

দক্ষিন মান্দাকাটা উন্নয়ন সমিতিৰ সম্পাদক আয়েজুল হক আৰু সহঃ সম্পাদক বাহাৰুল ইছলামে আঁত ধৰা সম্বৰ্ধনা সভাখনত কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা সভাত মুখ্য অতিথি হিচাবে উপস্থিত থকা বিশিষ্ট অধিবক্তা নেকিবুৰ জামান,বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনজুৰ আলী,মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰুমী বেগম,মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি জাহিদুল ইছলাম।

প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থকা সভাখনত মান্দাকাটা আঞ্চলিক পঞ্চায়তৰ সদস্য বীৰেন বৈশ্য,শিক্ষক অচ্যুত দাস, ইছলামুদ্দিন আহমেদ, সমাজকৰ্মী মইনুল হক,মজিবৰ ৰহমান,আমিনুল হক,আৰিফ আহমেদ,ইন্তাজুল হক, ইফ্‌তাজুল হককে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিয়ে বক্তব্য প্ৰদান কৰি শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উৎসাহিত কৰে৷

Leave A Reply