কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাত নতুনকৈ যোগদান কৰা মহকুমা আৰক্ষী বিযয়া নৱনিতা শৰ্মাক আজি গোসাইগাঁও মহকুমা অটো আয়ৰেছ ড্ৰাইভাৰ ইউনিয়নে সম্বৰ্ধনা জ্ঞাপন কৰে৷ ইউনিয়নৰ সভাপতি ফজৰ আলী মুন্সী আৰু সাধাৰণ সম্পাদক জাহানউদ্দিন শ্বেখৰ নেতৃত্বত ইউনিয়নৰ এটি সঁজাতি দলে নৱ নিযুক্ত মহকুমা আৰক্ষী বিযয়াক কাৰ্যালয়ত সাক্ষাৎ কৰি এখন শৰাই আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়৷
সম্বৰ্ধনাৰ অন্তত মহকুমা আৰক্ষী বিষয়া শৰ্মাক অটো চালকৰ সমস্যা সমূহৰ কথা অৱগত কৰে আৰু সমস্যা দূৰ কৰাৰ বাবে আহ্বান জনায়৷

